অসম

assam

By

Published : Apr 27, 2020, 7:12 PM IST

ETV Bharat / state

গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

জুইৰ কৱলত নিমিষতে শ্ব' ৰুমটোৰ দুখন স্কুটী আৰু এখন মটৰ চাইকেল সম্পূৰ্ণৰূপে জাহ যায়।

A devastating fire on adabari
গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটী,27 এপ্ৰিলঃ মহানগৰী গুৱাহাটীৰ আদাবাৰী তিনিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দুচকীয়া বাহনৰ এটা শ্ব'ৰুমত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আনহাতে,এই জুই ইমানেই ভয়ংকৰ আছিল যে নিমিষতে শ্ব' ৰুমটোৰ দুখন স্কুটী আৰু এখন মটৰ চাইকেল সম্পূৰ্ণৰূপে জাহ যায়।

গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

ইফালে কামাখ্যা হাৰ্ডৱেৰ আৰু দিলীপ অট'মোবাইল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰো কম বেছি পৰিমাণে ক্ষতিসাধন হয়। উল্লেখযোগ্য যে, 4খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে এই জুই নিৰ্বাপন কৰা হয়। বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

লগতে পঢ়কঃগুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিকক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন

ABOUT THE AUTHOR

...view details