গুৱাহাটী, ৩০ অক্টোবৰ :মহানগৰীৰ চাৰ্ভেৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহৰ অৱশিষ্ট ৷ শনিবাৰে পুৱাৰ ভাগতে খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপতে থকা এটা জাবৰৰ দ’মৰ কাষত উদ্ধাৰ হৈছে ক্ষত-বিক্ষত এগৰাকী মহিলাৰ মৃতদেহ ৷ অতি ৰহস্যজনকভাৱে পলিথিনেৰে বান্ধি থোৱা অৱস্থাত এটা বেগৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ভৰি ৷
কিন্তু বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ দেহৰ ওপৰৰ অংশ । উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপতে থকা এটা জাবৰৰ দ’মৰ কাষত দুখন কটা ভৰি প্ৰত্যক্ষ কৰে । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, কোনো দুৰ্বৃত্তই এটা পলিথিন বেগেৰে মেৰিয়াই কটা ভৰিৰ ক্ষত-বিক্ষত কিছু অংশ এজোপা গছৰ কাষত পেলাই থৈ যায় ৷