গুৱাহাটী, 13 এপ্ৰিলঃমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দহ হাজাৰ পৰিয়ালক সাহায্য প্ৰদানৰ উদ্দেশ্যে ওলাই আহিছে গুৱাহাটীৰ লালগণেশৰ এহাল দম্পতী । যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লক ডাউনৰ সময়ত মহানগৰীৰ এই দম্পতীহাল ওলাই আহিছে, দুখীয়া শ্ৰেণীৰ লোকক সহায়ৰ হাত আগবঢ়াবলৈ । বৰ্তমানলৈকে মহানগৰীৰ বিভিন্ন অঞ্চলৰ তিনি হাজাৰতকৈও অধিক দুখীয়া লোকৰ মাজত তেওঁলোকে বিতৰণ কৰিছে খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী । গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ লগতে তেওঁলোকে উত্তৰ গুৱাহাটী, ছয়গাঁও, বকো, চিপাঝাৰ, দুমুনিচকী, মঙলদৈ আদি ভিন্ন স্থানতো দুখীয়া লোকৰ মাজত সাহায্য বিতৰণ কৰিছে ।
দহ হাজাৰ পৰিয়ালক সাহায্য প্ৰদানৰ উদ্দেশ্যে ওলাই আহিছে এক দম্পতী - গুৱাহাটীৰ বিভিন্ন অঞ্চল
দহ হাজাৰ পৰিয়ালক সাহায্য প্ৰদানৰ উদ্দেশ্যে ওলাই আহিছে গুৱাহাটীৰ লালগণেশৰ এহাল দম্পতী । গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ লগতে তেওঁলোকে উত্তৰ গুৱাহাটী, ছয়গাঁও, বকো, চিপাঝাৰ, দুমুনিচকী, মঙলদৈ আদি ভিন্ন স্থানতো দুখীয়া লোকৰ মাজত সাহায্য বিতৰণ কৰিছে ।
![দহ হাজাৰ পৰিয়ালক সাহায্য প্ৰদানৰ উদ্দেশ্যে ওলাই আহিছে এক দম্পতী a couple donated relief among needy people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6774626-466-6774626-1586774823703.jpg)
a couple donated relief among needy people
দহ হাজাৰ পৰিয়ালক সাহায্য প্ৰদানৰ উদ্দেশ্যে ওলাই আহিছে এহাল দম্পতী
সোমবাৰেও লালগণেশস্থিত বাসগৃহত তেওঁলোকে ১০০তকৈয়ো অধিক দৰিদ্ৰ লোকৰ মাজত সাহায্য বিতৰণ কৰে । চৰকাৰী সাহায্যৰ পৰা বঞ্চিত লোক সকল যাতে লক ডাউনৰ সময়ত খাদ্য সংকটত নপৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই দম্পতীহালে আগন্তক দিনত দহ হাজাৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়কঃ9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত