গুৱাহাটী, 4 ছেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ গুৱাহাটীৰ লতাশিল থানাত হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে ৷
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু - গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৷ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবেই গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু কৰে ছাত্ৰ সংগঠনটোৱে ৷
বুধবাৰে গুৱাহাটীৰ লতাশিল থানাত গোচৰ ৰুজু হয় প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৷ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৷ এইক্ষেত্ৰই হাজেলাই গাফিলতি আৰু মইমতালি কৰি এইসকল খিলঞ্জীয়া লোকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে ৷ সকলোধৰণৰ আৰু শুদ্ধ নথি প্ৰদান কৰাৰ পিচটো এইসকল লোকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নোহোৱাটো হাজেলাৰ বাবেই সংঘটিত হৈছে ৷ সেইবাবেই সকলো দিশ চালি-জাৰি চাই উচিত তদন্ত কৰিবলৈ লতাশিল থানাত গোচৰ ৰুজু কৰে সংগঠনটোৱে ৷
উল্লেখ্য যে, আগষ্টৰ 31 তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছিল 3 কোটি 11 লাখ 21 হাজাৰ 4 জনৰ নাম ৷ আনহাতে তালিকাৰ পৰা বাদ পৰিছিল 19 লাখ 6 হাজাৰ 657 জনৰ নাম ৷ আনহাতে তালিকাৰ পৰা নাম বাদ পৰা অধিকাংশই খিলঞ্জীয়াই নাগৰিক ৷