গুৱাহাটী,29 জুলাই: জীৱনৰ জটিলতা কি সেয়া বুজাৰ বয়স নৌহওঁতেই এক জটিল ৰোগত আক্ৰান্ত হৈছে মহানগৰীৰ গুৱাহাটীৰ এক শিশু ৷ জন্মৰ পিছৰে পৰা ৰোগত আক্ৰান্ত হোৱা শিশুটিয়ে সুদীৰ্ঘ দিনে চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ মেডাণ্টা চিকিৎসালয়ত ৷ মহানগৰীত ভাৰাতীয়া হিচাপে বসবাস কৰি থকা শিশুটিৰ পৰিয়ালবৰ্গই সম্প্ৰতি শিশুটিক সুস্থ কৰিবলৈ অব্যাহত ৰাখিছে আপ্ৰাণ চেষ্টা ৷ দহমহীয়া পুলকিত দাস নামৰ শিশুটিক সুস্থ কৰিবলৈ বৰ্তমান প্ৰয়োজন হ’ব এক জটিল অস্ত্ৰোপচাৰৰ ৷ এই কথা প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ যাৰ বাবে এতিয়া পৰিয়ালটোক প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ ধনৰাশিৰ ৷
দহমহীয়া পুলকিতৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে পৰিয়ালবৰ্গই - Pulakeet Das
জীৱনৰ জটিলতাৰ আওভাও নুবুজা বয়সতেই এক জটিল ৰোগত আক্ৰান্ত হৈছে এটি শিশু ৷ দহমহীয়া পুলকিত দাস নামৰ শিশুটিক সুস্থ কৰিবলৈ বৰ্তমান প্ৰয়োজন হ’ব এক জটিল অস্ত্ৰোপচাৰৰ ৷ যাৰ বাবে এতিয়া পৰিয়ালটোক প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ ধনৰাশিৰ ৷
শিশুটিৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আহ্বান কৰা পৰিয়ালটোৱে ৰজাঘৰীয়াৰ পৰা কিছু পৰিমাণৰ সাহায্য লাভ কৰে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ সম্প্ৰতি আৰ্থিক অনাটনৰ সন্মুখীন হোৱা পৰিয়ালটোৰ মুৰব্বী প্ৰাঞ্জল দাসে সদাশয় লোকৰ সহায় বিচাৰি কৰিছে আহ্বান ৷ ইয়াৰ বাবে পৰিয়ালটোৱে প্ৰকাশ কৰিছে এক বেংক একাউণ্ট নম্বৰ ৷ কোনো লোকে শিশুটিৰ চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে পুলকিতৰ পৰিয়ালবৰ্গই ৷ পৰিয়ালটোৰ বেংক একাউণ্ট নম্বৰ হৈছে- 00000030701719447, IFSC Code- SBIN0011619 নতুবা যোগাযোগৰ নম্বৰ হৈছে 70023-10524 ৷
লগতে চাওকঃমহানগৰীত জব্দ বৃহৎ পৰিমানৰ ধন