অসম

assam

আমচাঙৰ বন্যহাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এটি শিশুৱে

By

Published : Jun 5, 2021, 10:48 PM IST

আমচাঙত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এই সংঘাতৰ ফলত বহু লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে ৷ আমচাঙৰ ওলাই অহা বন্যহস্তীৰ আক্ৰমণত এটি 11 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷

A child dies in wild elephant attack
পুনৰ আমচাঙৰ বন্যহাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এটি শিশুৱেপুনৰ আমচাঙৰ বন্যহাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এটি শিশুৱে

গুৱাহাটী, ৫ জুন : ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত আছে । বিশ্ব পৰিৱেশ দিৱসৰ দিনাই গুৱাহাটীত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা । বন্যহাতীৰ আক্ৰমণত প্ৰাণ গ'ল এটি শিশুৰ । ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত আমছাং চাহ বাগিছাত ।

জানিব পৰা মতে, আমচাং চাহ বাগিছা খনত থকা জীৱন কুৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত বন্য হস্তীয়ে আক্ৰমণ কৰে । আক্ৰমণত থিতাতে নিহত হয় এটি ১১ বছৰীয়া শিশু আৰু আহত হয় আন এটি দেৱ শিশু । আহত শিশুটিক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

আমছাং অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীটোৱে জীৱন কুৰুৱা চৌহদত প্ৰৱেশ কৰা সময়তে জীৱন কুৰুৱা আৰু পত্নীয়ে নিজ দুই সন্তানক লৈ ঘৰৰ পৰা পলাবলৈ চেষ্টা কৰে। কিন্তু পলাই গৈ থকা অৱস্থাতে বন্যহস্তীটোৱে অতৰ্কিতে আক্ৰমণ কৰে পৰিয়ালটোক । ফলত জীৱন কুৰুৱা আৰু তেওঁৰ পত্নীয়ে দৌৰিবলৈ ধৰাত হাতীটোৰ গছকত পৰিয়ালটোৰ ডাঙৰ জন লৰা মাধৱ কুৰুৱাৰ (১১) থিতাতে নিহত হয় ৷ কণ মানি ডেৰ বছৰীয়া শিশু চানি কুৰুৱা আহত হয়।

বন্য হস্তীটো আঁতৰি যোৱাৰ পাচত পৰিয়ালৰ লগতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় ৷ আহত চানি কুৰুৱাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় ।

লগতে পঢ়ক: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ

ABOUT THE AUTHOR

...view details