অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীৰ পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ - guwahati university news

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ফেচবুকত দিয়া পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰেহেনা চুলতানা নামৰ গৱেষক ছাত্ৰী গৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু

ৰেহেনা চুলতানা ফেচবুক পষ্ট

By

Published : Aug 14, 2019, 6:27 PM IST

Updated : Aug 14, 2019, 7:30 PM IST

গুৱাহাটী, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ফেচবুকত দিয়া পাকিস্তান সমৰ্থিত প'ষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ ৷ ঘটনা অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰেহেনা চুলতানা নামৰ এগৰাকী গৱেষক ছাত্ৰীয়ে ফেচবুকত পাকিস্তানৰ বিজয়ত আনন্দিত হৈ পৰিছে বুলি প'ষ্ট কৰিছিল ৷ বুধবাৰে ছচিয়েল মিডিয়াযোগে এই ঘটনা প্ৰকাশ পোৱাৰ পাচতেই ছাত্ৰী গৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, ছাত্ৰী গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীৰ পাকিস্তান সমৰ্থিত পষ্টে সৃষ্টি কৰিছে বিৰ্তকৰ

ইফালে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী গৰাকীৰ এনে কাৰ্যক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে ৷

Last Updated : Aug 14, 2019, 7:30 PM IST

ABOUT THE AUTHOR

...view details