অসম

assam

ETV Bharat / state

মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী - ড৹ হিমন্ত বিশ্ব শৰ্মা

মুম্বাইৰ পৰা ভলভ বাছ যোগে গুৱাহাটীত উপস্থিত হ'ল কৰ্কট ৰোগী সকল । চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা ৰোগী সকল লক ডাউনৰ ফলত আৱদ্ধ হৈ আছিল মুম্বাইত । অসমৰ চৰকাৰৰ প্ৰচেষ্টাত অৱশেষত গুৱাহাটীত উপস্থিত হ'লহি কৰ্কট ৰোগীসকল।

A BUS WITH CANCER PATIENT COME FROM MUMBAI TO ASSAM
মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী

By

Published : May 12, 2020, 11:01 PM IST

গুৱাহাটী, 12 মে'ঃমঙলবাৰে মুম্বাইৰ পৰা ৬ খনকৈ বিশেষ ভলভ বাছ যোগে গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হ'লহি ৫৪ গৰাকীকৈ কৰ্কট ৰোগী । অসমৰ পৰা মুম্বাইলৈ চিকিৎসাৰ বাবে যোৱা কৰ্কট ৰোগী সকল লক্ ডাউনৰ ফলত আৱদ্ধ হৈ আছিল মুম্বাইত । অসম চৰকাৰৰ প্ৰচেষ্টাত তিনি দিন চাৰি ৰাতিৰ যাত্ৰাৰ অন্তত মঙলবাৰে নিশা প্রায় ৯.৩০ বজাত এই ৰোগী সকল উপস্থিত হয়হি সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত।

মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী

সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত মুম্বাইৰ পৰা ৰোগী সকল উপস্থিত হোৱা সময়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাও সৰুসজাৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত থাকে । সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰি ৰেডিছন ব্লু হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে । মুম্বাইৰ পৰা অহা ৰোগী সকলৰ স্বাস্থ্য পরীক্ষাৰ ফলাফল কভিড-১৯ নেগেটিভ ওলালে সকলোকে হোম কোৱাৰেণ্টাইনত ৰখা হ'ব । মুম্বাইৰ পৰা বিশেষ বাছ যোগে এই কৰ্কট ৰোগী সকলক অসমলৈ অনাৰ ক্ষেত্ৰত ব্যয় হৈছে ৪৫ লাখ টকা। অসম চৰকাৰ আৰু এটা বেচৰকাৰী সন্থাই কৰ্কট ৰোগী সকলক অসমলৈ উভতাই আনৰ ৪৫ লাখ টকা ব্যয় বহন কৰিছে । কৰ্কট ৰোগী সকলৰ এই দীঘলীয়া যাত্ৰাৰ তত্বাৱধানত আছিল মুম্বাইৰ অসম ভৱনৰ বিষয়া দেৱজিৎ শৰ্মা । যাত্ৰাৰ সময়ত ৰোগী সকলৰ স্বাস্থ্য নিৰীক্ষণ কৰাৰ বাবে এগৰাকী চিকিৎসকো মুম্বাইৰ পৰা লগত আছিল।

মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী
উল্লেখ্য যে, ৫৪ গৰাকী কৰ্কট ৰোগীৰ লগত অসম চৰকাৰে মুম্বাইলৈ হৃদয় চিকিৎসা কৰাৰ বাবে প্ৰেৰণ কৰা ৬ গৰাকীকৈ শিশুও এই বিশেষ ৬ খন বাছ যোগে উপস্থিত হয় সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত । ৬ খন বাছত মুঠ ৬৪ গৰাকী ৰোগীৰ লগত ৰোগী সকলৰ আত্মীয়ও আছিল । মুঠ ১৪০ গৰাকী লোক আজি মুম্বাইৰ পৰা এই বিশেষ বাছ যোগে আহি সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হৈছে ।

ABOUT THE AUTHOR

...view details