গুৱাহাটী,24 ফেব্ৰুৱাৰী: অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পন এলেকা হিচাপে চিহ্নিত । উত্তৰ-পূৰ্বাঞ্চল 'seismic zone V' ত আছে । যাৰ পৰিপ্ৰেক্ষিত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভূমিকম্প নতুন কথা নহয় । কিন্তু শেহতীয়াকৈ অসমকে ধৰি উত্তৰ পূবত সঘনাই কেইবাটাও ভূমিকম্প হোৱাত ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে । এটা সপ্তাহত পাঁচটাকৈ মৃদু তথা নিম্ন প্ৰাবল্যৰ ভূমিকম্পই অসম, মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূবৰ কেবাখনো ৰাজ্যক জোকাৰি গৈছে (Earthquake in north east) ।
তুৰস্ক আৰু চিৰিয়াত কিছুদিন পূৰ্বে সংঘটিত ভয়াৱহ ভূমিকম্পৰ পাচত হিমালয়ৰ পাদদেশত অনাগত দিনত পুনৰ সৰু-বৰ ভূমিকম্প আহিব পাৰে বুলি ধাৰণা কৰা হৈছিল । তুৰস্ক আৰু চিৰিয়াৰ ভয়াৱহতাৰ পাছত বৰভূমিকম্পৰ প্ৰসংগটো চৰ্চালৈ আহিছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 12 ফেব্ৰুৱাৰীত ভাৰতীয় মান সময় মতে দুপৰীয়া 12 বাজি 12 মিনিট আৰু 18 চেকেণ্ডত কিছু সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.8 কম্পনাংক (Recent earthquakes in Assam) ।
তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ উত্তৰ পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । উল্লেখ্য যে, 17 ফেব্ৰুৱাৰীৰ পুৱাও ৰিখটাৰ স্কেলত 2.9 কম্পনাংকৰ এটা মৃদু প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ধুবুৰী জিলাৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । সেইদৰে 16 ফেব্ৰুৱাৰীত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.9 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল চুবুৰীয়া মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ উত্তৰ পূব দিশত 46 কিলোমিটাৰ গভীৰতাত (Earthquake probability in Assam) ।
ইফালে, ১২ ফেব্ৰুৱাৰীৰ বিয়লি অনুভূত হোৱা নিম্ন প্ৰাৱল্যৰ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 4 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল অসমৰ নগাঁও জিলাৰ হোজাইৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত । তদুপৰি 13 ফেব্ৰুৱাৰীৰ দুপৰীয়া অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্যৰ পৰিমাণ আছিল 3.2 কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল নগাওঁ জিলাৰ হোজাইৰ উত্তৰ-পূব দিশত 10 কিলোমিটাৰ গভীৰতাত ।
অৱশ্যে আটাইকেইটা ভূমিকম্প নিম্ন প্ৰাৱল্যৰ হোৱা বাবে ক’তো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল । সৰু সৰু ভূমিকম্পই কেতিয়াবা ডাঙৰ ডাঙৰ ভূমিকম্পৰ আগজাননী দিয়ে বুলি সাধাৰণতে ধাৰণা কৰা হয় । কিন্তু সকলো ধাৰণা সত্য নহয় । ভূমিকম্পক লৈ সাধাৰণতে মানুহৰ মাজত নানান ধাৰণা দেখিবলৈ পোৱা যায় (Impact of Assam earthquake)।