অসম

assam

ETV Bharat / state

ভাৰতত অসমৰ স্থান-2020 উন্মোচন কৰিলে ৰাইজৰ দলে - ৰাইজৰ দলে শুকুৰবাৰে প্ৰকাশ কৰিলে এখন হাতপুথি

পাঁচ বছৰীয়া খতিয়ান সন্নিবিষ্ট কৰি ৰাইজৰ দলে শুকুৰবাৰে প্ৰকাশ কৰিলে এখন হাতপুথি ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলে প্ৰকাশ কৰা 'ভাৰতত অসমৰ স্থান-2020' নামৰ এই হাতপুথিখন সম্পাদনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

A book  released by raijor dal on Friday.
ভাৰতত অসমৰ স্থান উন্মোচন কৰিলে ৰাইজৰ দলে

By

Published : Feb 19, 2021, 3:56 PM IST

Updated : Feb 19, 2021, 10:19 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : বিজেপিৰ চৰকাৰৰ পাঁচ বছৰীয়া খতিয়ান সন্নিবিষ্ট কৰি ৰাইজৰ দলে শুকুৰবাৰে প্ৰকাশ কৰিলে এখন হাতপুথি ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলে প্ৰকাশ কৰা 'ভাৰতত অসমৰ স্থান-2020' নামৰ এই হাতপুথিখন সম্পাদনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্যকাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ সংবাদমেলত উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, উপদেষ্টা ডঃ সিতানাথ লহকৰ আৰু ঘনশ্যাম নাথ ৷

ভাৰতত অসমৰ স্থান-2020 উন্মোচন কৰিলে ৰাইজৰ দলে

সংবাদমেলত সংবাদিকক সম্বোধন কৰি ভাস্কোডি শইকীয়াই কয়, শাসনলৈ অহাৰ পূৰ্বতে বিজেপিয়ে অসমক এক নম্বৰৰ ৰাজ্য হিচাপে পৰিণত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু কাৰ্যক্ষেত্ৰত এই প্ৰতিশ্ৰুতি প্ৰতিফলিত ন'হল ৷ বিজেপিয়ে প্ৰতিশ্ৰুতিমতে যোৱা ৫ বছৰত ১ নম্বৰ ৰাজ্যত অসমক পৰিণত কৰিব নোৱাৰিলে বুলি এক প্ৰত্যাহ্বান সূচক মন্তব্য প্ৰকাশ কৰে ভাস্কোডি শইকীয়াই ৷

'বিজেপিৰ শ্ৰেষ্ঠ্যতম অসম এতিয়া দেশৰ ৩০ নং স্থানত। অসমৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰও দিনক দিনে নিম্নগামী হৈ আহিছে ৷ প্ৰসূতি মৃত্যুত অসম প্ৰথম স্থানত আছে । অসমত শিশুৰ মৃত্যু হাৰো অধিক ৷ গড় মুদ্ৰাস্ফীতিত অসমৰ স্থান ৭ নম্বৰত। ইন্ধন আৰু পোহৰৰ মুদ্ৰাস্ফীতিত অসনৰ স্থান তৃতীয় ৷' সংবাদমেলত ভাস্কোডি শইকীয়াই কয় ৷

লগতে পঢ়ক: মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে

Last Updated : Feb 19, 2021, 10:19 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details