গুৱাহাটী, 20 নৱেম্বৰ : গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰীলৈ ৷ বিশেষ বিষয় সন্দৰ্ভত গুৱাহাটীৰ ছাত্ৰী গৰাকীয়ে চিঠি লিখিছে প্ৰধানমন্ত্ৰী মোডীলৈ ৷ প্ৰাগজ্যোতিষ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্ৰীগৰাকীৰ নাম মিনাক্ষী সিনহা ৷ পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ বিশেষ কেইটামান আহ্বান জনাইছে মিনাক্ষীয়ে ।
যিহেতু দেশৰ লগতে অসমটো নাৰীজনিত বিভিন্ন অপৰাধ সংঘটিত হৈ আছে । বিভিন্ন সময়ত দুৰ্বৃত্তৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈ আহিছে যুৱতী-মহিলা । সেয়েহে স্কুলীয়া সময়ৰ পৰায়ে ছাত্ৰীসকলক বিদ্যালয়তে আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনালে মিনাক্ষীয়ে ।