গুৱাহাটী,২৮ ছেপ্টেম্বৰ :শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা পৰিহাৰ কৰি স্কুলীয়া পৰ্যায়তে ইংৰাজী মাধ্যম প্ৰৱৰ্তনৰ নীতি গ্ৰহণ কৰা (Assam School medium controversy), বিদ্যালয় 'একত্ৰীকৰণ'ৰ (School amalgamation in Assam) নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ তথা ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰি শিক্ষাক ব্যক্তিগতখণ্ডলৈ হস্তান্তৰ কৰাৰ চক্ৰান্তকে ধৰি অসম চৰকাৰৰ শিক্ষা বিৰোধী নীতিসমূহৰ প্ৰতিবাদ জনায় বুধবাৰে ৰাজ্যৰ ৯ টাকৈ বিৰোধী দলে যৌথভাৱে গুৱাহাটীৰ এন চি পিৰ কাৰ্যালয় প্ৰাংগনত 'অৱস্থান ধৰ্মঘট'ৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Assam 9 opposition party protest against govt)।
যৌথ অৱস্থান-ধৰ্মঘট কাৰ্যসূচীৰ অংশীদাৰী ৯ টা ৰাজনৈতিক দল হ'ল ক্ৰমে ভাৰতীয় জাতীয় কংগ্ৰেছ, চিপিআই (এম), অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই (এমএল), আৰজেডি, এনচিপি আৰু জাতীয় দল অসম । প্ৰতিবাদস্থলীত বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁই , অৱনী বৰঠাকুৰকে ধৰি কেইৱাগৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে কয় যে বিজেপি চৰকাৰে আম্বানী আৰু আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে কাম কৰে । চৰকাৰখনৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়বদ্ধতা নাই (Dr Hiren Gohain slams Assam govt)। মাত্ৰ তেওঁলোকৰ স্বাৰ্থ পূৰণৰ বাবেহে কাম কৰে । সেয়ে তেওঁৰ মতে ৰাইজ চৰকাৰখনৰ ৰাজহুৱা শিক্ষা বিৰোধী আৰু মাতৃভাষা বিৰোধী পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ওলায় আহিব লাগিব ।