গুৱাহাটী, 21 আগষ্ট : অসম ৰাজ্যিক আপ সমিতিত খহনীয়া । সংবাদমেল যোগে দলত্যাগ 9 গৰাকী আপ সদস্যৰ। লগতে এই সংবাদমেলত দলটোৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে দলত্যাগ কৰা সদস্যকেইজনে ।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি 9 গৰাকী সদস্যই দলত্যাগ কৰাৰ ঘোষণা কৰাৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ৰাজ্যিক আপৰ বিভিন্ন কাম কাজত অসন্তুষ্টি আৰু মইমতালিৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে সদ্য পদত্যগী আপ কর্মীকেইগৰাকীয়ে ৷ এই 9 গৰাকী সদস্যৰ মাজত 2017 চনত দিল্লীলৈ গৈ আপত যোগদান কৰা কৰ্মীও আছে ৷
সদ্য পদত্যাগী কৰ্মীকেইগৰাকীয়ে অসম ৰাজ্যিক আপৰ প্ৰভাৰী ৰাজেশ শৰ্মাৰ বিৰুদ্ধে বহু কেইটা অভিযোগ উত্থাপন কৰি মন্তব্য প্ৰকাশ কৰি কয়," আপ এটা দুৰ্নীতিবিহীন দল বুলিহে আমি যোগদান কৰিছিলো ৷ অসমৰ ৰাজনীতিত এক পৰিবৰ্তন অনাৰ বাবে আৰু লগতেই এই দলৰ নীতি আদর্শৰ প্ৰতি আকৰ্ষিত হৈ আম আদমী পাৰ্টিত যোগদান কৰিছিলো। কিন্তু আপত সোমাইহে আমি গম পালো যে আপত কোনো নিয়ম নাই ৷ আপৰ নেতাসকল গুণ্ডাবাহিনীৰ দললৈ পৰিণত হৈছে। আজিৰ দিনটোত সমগ্ৰ অসমত মুঠতে প্ৰায় 20 গৰাকী মান সদস্যই দলত্যাগ কৰিছে ৷ অসম ৰাজ্যিক আপৰ নেতৃত্ব দিয়া দুজনে দলটোক আগুৱাই নিয়াৰ পৰিৱৰ্তে দলটোক ধ্বংসৰ গৰাহলৈহে নিছে ৷"