গুৱাহাটী, ৩০ জুন: ক্ৰমাৎ যেন জাল চপাই অনা হৈছে । কুখ্যাত ৰাকেশ পাল(RAKESH PAL)ৰ ছত্ৰছায়াত থাকি অসমৰ একাংশ ৰাজনৈতিক, ভিন্ন সংগঠনৰ নেতা, সাংবাদিক আদিয়ে তেওঁলোকৰ অঙহী-বঙহীক লোকসেৱা আয়োগ(APSC)ৰ চাকৰিৰ ব্যৱস্থা কৰি দিয়া বা লাখে লাখে টকা ঢালি চাকৰি কিনা এই সকলোৰে বাবে বিপদ ঘণ্টা বাজিছে । লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ বৰ্ষত লোকসেৱা আয়োগৰ চাকৰি লাভ কৰা ১০ গৰাকী সন্দেহজনক এ পি এছ, এ চি এছ আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছত আজি অৰ্থাৎ বুধবাৰে পুনৰ ৯ গৰাকী বিষয়ালৈ জাননী প্ৰেৰণ কৰে ।
সৰ্বমুঠ ১৯ গৰাকী বিষয়াক পোন্ধৰ দিনৰ ভিতৰত আয়োগৰ ওচৰত হাজিৰ হ'বলৈ কোৱা হৈছে । উল্লেখযোগ্য যে, এই ১৯ গৰাকী বিষয়াৰ আটাইকেইজনৰে লোকসেৱা আয়োগৰ পৰীক্ষা বহীত লাভ কৰা নম্বৰ আৰু টেবুলেশ্যনত লাভ কৰা নম্বৰৰ মাজত ব্যাপক তাৰতম্য ধৰা পৰিছে । একেদৰে হাতৰ আখৰতো ধৰা পৰিছে ব্যাপক বিসংগতি । এই বিসংগতি ধৰা পেলাইছে আহমেদাবাদৰ ফৰেনচিক গৱেষণাগাৰে ।