অসম

assam

By

Published : Feb 1, 2021, 9:01 AM IST

ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে শনিবাৰে কৈছিল যে, 29 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনখনত 38 টা আইনগত বিষয় উত্থাপন কৰা হ’ব ৷ অধিৱেশনখনৰ প্ৰথম পৰ্যায়টো 15 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ আনহাতে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৷

নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

গহপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি ৷ অধিবেশনৰ মুকলি সভাত ৰিপুণ বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি নাভাবো বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে অখিল গগৈয়ে নিৰ্বাচন খেলাৰ সন্দৰ্ভত তাচ্চিল্য সূচক মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

দেওবাৰে ৰাজ্যুজুৰি টাই আহোম সকলে পালন কৰিছে পবিত্ৰ মে-ডাম মে-ফি ৷ মহানগৰীৰ চুকাফা নগৰৰ নটব’মাতো কেন্দ্ৰীয়ভাৱে পালন কৰা হয় মে-ডাম মে-ফী ৷ নটব’মাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰাৰ লগতে উদযাপন কৰা হৈছে মে-ডাম মে-ফী ৷

বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

অসম-অৰুনাচল প্ৰদেশৰ সীমান্তৰ পাপুমপাৰে জিলাৰ হোলোঙত এখন অত্যাধুনিক বিমানকোঠ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ প্ৰায় 100 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷

62 টা ষ্টেচনত পুনৰ ই-কেটাৰিং সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত IRCTCৰ

পুনৰ 62 টা ষ্টেচনত আৰম্ভ কৰা হ’ব ই-কেটাৰিং সেৱা ৷ সোমবাৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগম (IRCTC)য়ে ৷

জুৱা খেল উচ্চেদ কৰিবলৈ গৈ শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চৈবাৰী চাহ বাগিছাৰ নিউ ডালোৱাবাৰীত জুৱা খেলক কেন্দ্ৰ কৰি দেওবাৰে আৰক্ষী আৰু জুৱাৰীৰ মাজত এক সংঘাতৰ সৃষ্টি হয় ৷

বিজেপিৰ লক্ষ্য 100+, আমাৰ লক্ষ্য 101+ : প্ৰদ্যুৎ বৰদলৈ

শিৱসাগৰত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ ৰংপুৰ মে-ডাম-মে-ফি উৎসৱত অংশ নেতা গৰাকীৰ ৷ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদ্যুৎ বৰদলৈৰ ৷ নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব কংগ্ৰেছ দল ৷

আব্দুল খালেকে অসম জাতীয় পৰিষদক সহায় কৰিব: দুলু আহমেদ

দেওবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত ঘুগুবাৰীত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ দলীয় কৰ্মী সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত উপস্থিত থাকে দলটোৰ উপ-সভাপতি দুলু আহমেদ ৷

জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

জাগীৰোড আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। অভিযানত দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত আটক।

নামতি কাণ্ডঃ ঘটনা সন্দৰ্ভত আটক 7জন অভিযুক্ত

উকি মৰাক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাৰ নামতিত সংঘটিত হোৱা উত্তপ্ত পৰিস্থিতিক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আটক কৰিছে সাতজন লোকক ৷

ABOUT THE AUTHOR

...view details