অসম

assam

By

Published : Jan 27, 2021, 8:46 AM IST

ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ মৃত্যু ৷ হৃৎৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিধায়কগৰাকীয়ে ৷ তিনিবাৰকৈ বদৰপুৰৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল জামাল উদ্দিন আহমেদ ৷

সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত অৱশেষত মঙলবাৰে 79 বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকে ৷

বিশ্ব ত্ৰাস ক’ৰণা মহামাৰীক পৰাজিত কৰিব পৰা যাব: হৰ্ষ বৰ্ধন

2020 বৰ্ষটো বিজ্ঞানৰ বছৰ আছিল কিয়নো বিশ্বৰ সকলো বিজ্ঞানীয়ে গৱেষণা কৰাত ব্যস্ত হৈ পৰিছিল ক’ৰণাৰ প্ৰতিষেধক নিৰ্মাণ কৰাত ৷ ক’ৰণা মহামাৰী সময়তে মানুহৰ মানৱীয়তাও দেখা পোৱা গৈছিল মানৱ জাতিক সহায় কৰা আৰু ৰক্ষা কৰিবৰ বাবে সকলো ওলাই অহা দেখা পোৱা গৈছিল যিয়ে মানৱ সমাজক এক অনন্য অভিজ্ঞতা প্ৰদান কৰি গ’ল ৷ এই দৰে মন্তব্য কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷

2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্ৰাপক অসমীয়াসকল

2021 বৰ্ষত আঠগৰাকীকৈ অসমীয়াই লাভ কৰিছে পদ্মশ্ৰী সন্মান ৷ ইয়াৰ উপৰিও মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷

বৰ্ণ বৈষম্য দূৰীকৰণৰ বাবে পদক্ষেপ লৈছে জ’ বাইডেনে

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্ণবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷ মঙলবাৰে স্বাক্ষৰ কৰিছে 4 টাকৈ কাৰ্যকৰী পদক্ষেপত ৷

কৃষক বিদ্ৰোহঃ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ

মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উলাই আহিছিল ৷ সেই সময়তে প্ৰতিবাদকাৰী কৃষক সকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে তেওঁলোকক ৰাজধানীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সময়তে আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি হোৱাৰ লগতে আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷

বুলেট বিচৰা যুৱকক হিমন্তৰ উত্তৰঃ যুৱকক বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী !

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱকৰ প্ৰশ্নঃ ছাৰ বুলেট কেতিয়া দিব ? প্ৰত্যুত্তৰত মন্ত্ৰীৰ ৰসাল উত্তৰঃ বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী ।

মিলন ঘটিছে নেকি কংগ্ৰেছ-অগপৰ?

মঙলবাৰে তেজপুৰত 72 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ পাচত মন্ত্ৰী কেশৱ মহন্তৰ ৰাজপথত সাক্ষাৎ হয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ সৈতে ৷ দুয়োগৰাকী নেতাই কৰমৰ্দন কৰাৰ লগতে আলিংগন কৰা পৰিলক্ষিত হয় ৷

গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি নগাঁৱত জিভা পিছলিল প্ৰভাৱশালী মন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিবলৈ গৈয়েই পাহৰিলে নেকি গণৰাজ্য দিৱসৰ কথা ! পতাকা উত্তোলন কৰি নিজৰ ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিবলৈ গৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাহৰিয়েই পেলালে আজি গণৰাজ্য দিৱস নে স্বাধীনতা দিৱস।

বিশ্বনাথৰ তিনিসুঁতিত ভয়ংকৰ পথ দুৰ্ঘটনা

বিশ্বনাথৰ তিনিসুঁতিত দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ পিক আপ ভান ৷ দুৰ্ঘটনাটোত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ ৷

ABOUT THE AUTHOR

...view details