অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ - 9 AM TOP TEN NEWS

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

9 AM TOP TEN NEWS
পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Nov 7, 2020, 9:06 AM IST

পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

শিলচৰ বিমান বন্দৰত শুকুৰবাৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ দৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ তিব্ৰ নিন্দা কৰিছে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে । শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি যিসকল ব্যক্তিয়ে ভাৰতত থাকি পাকিস্তান জিন্দাবাদ ধ্বনি দিছে সেইসকলক দেশদ্ৰোহী আখ্যা দিয়ে সংগঠনটোৱে ।

বিহাৰত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান

বিহাৰত আজি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ নীতিশ কুমাৰ চৰকাৰৰ 12 গৰাকীৰ মন্ত্ৰীৰ ভাগ্য নিৰূপন হ'ব এই তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৷ ৰাজ্যখনৰ 15খন জিলাৰ 78টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ প্ৰায় 2.35 কোটি ভোটাৰে 33,782টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান কৰিব ৷

যান জঁটৰ সমস্যাঃ 16 নৱেম্বৰৰ পৰা ৰঙিয়াত প্ৰযোজ্য নতুন নিয়ম

ৰঙিয়াত যান জঁটৰ সমস‍্যা সমাধানৰ বাবে 16 নৱেম্বৰৰ পৰা প্ৰযোজ্য হ'ব কেইবাটাও নিয়ম ৷ শুকুৰবাৰে মহকুমাধিপতি কাৰ্য‍ালয়ৰ সভা কক্ষত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ।

আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

নগাঁৱৰ মৰিকলং আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । আৰক্ষীৰ লগতে আৰক্ষীৰ বাহনতো আক্ৰমণ একাংশৰ । এখন স্কুটী জব্দ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিবেশ ।

পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ

বৰাকত উপস্থিত হৈয়ে কেবাখনো সভা সম্বোধন কৰে বদৰুদ্দিন আজমলেৰ ৷ শিলচৰত উপস্থিত হোৱা আজমলে বৰাকৰ তিনিখন জিলাত পৃথক-পৃথকভাৱে কৰ্মীসভাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশী আখ্যা আজমলৰ ৷

নীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক

চামগুৰিৰ নীলাপানী হ্ৰদ (Paradise lake)ত পুনৰ অঘটন ৷ শুকুৰবাৰে বিয়লি হ্ৰদটোত সাঁতুৰিবলৈ গৈ এই পৰ্যন্ত সন্ধান নাই নগাঁৱৰ ইটাচালিৰ আয়নাভ হাজৰিকা নামৰ যুৱকজনৰ

ৰে’লৰ ডবা সদৃশ বাসগৃহ নিৰ্মাণ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীৰ

মহাৰাষ্ট্ৰৰ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰী ৰোহিদাস চিন্দেই নিজ বাসগৃহটো ৰে’লৰ আকৃতিৰে নিৰ্মাণ কৰে ৷ এই পদক্ষেপেৰে কৰ্মৰ প্ৰতি থকা নিষ্ঠাক স্পষ্টভাৱে অৱলোকন কৰিছে চিন্দেই ৷

পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

২০২০-২১ বৰ্ষৰ বাবে মুকলি হ'ল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত ফিতা কাটি পৰ্যটকৰ বাবে উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰে ৷ ৬ নৱেম্বৰৰ পৰা মুকলি কৰা উদ্যানখন দেশ বিদেশৰ পৰ্যটকৰ লগতে সকলো দৰ্শনাৰ্থীয়ে উপভোগ কৰিব পাৰিব উদ্যান খনৰ মনোমোহা প্ৰকৃতিক দৃশ্য।

বিশ্বৰ বিজ্ঞানীৰ তালিকাত উজ্বলিল অসমৰ সু-সন্তান

বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা আইআইটি দিল্লীৰ বৰ্তমানৰ অধ্যাপক প্ৰৱাল তালুকদাৰে বজালীৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে সুখবৰ ৷ বিশ্বৰ 2% বিজ্ঞানীৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছে অসম সন্তান প্ৰবাল তালুকদাৰে ৷

নামবৰ নদী চাহ বাগিছাৰ ভুৱা বিক্ৰিকলৈ উত্তেজনা অব্যাহত

বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰৰ নামবৰ নদী চাহ বাগানখন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বলপূৰ্বকভাৱে দখল কৰিবলৈ বিচৰা অভিযোগক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details