‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ অৰ্থাৎ EIA 2020 বাতিলৰ দাবীত টিংখাঙত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল কাৰ্যসূচী ৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজগড়ৰ পৰিবেশ উত্তাল কৰি তোলে ।
চৰকাৰৰ বিৰুদ্ধে অধিক সোচ্চাৰ আদিবাসী ছাত্ৰ সন্থা
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে কলিয়াবৰৰ মিলন সংঘত সংবাদ মেলৰ আয়োজন আদিবাসী ছাত্ৰ সন্থাৰ ৷ দীৰ্ঘদিনৰ পৰা জনাই অহা দাবীসমুহ শীঘ্ৰে পুৰণৰ বাবে চৰকাৰক আহ্বান জনায় সংগঠনটোৰ নেতা সকলে ৷ সংগঠনটোৰ দাবী সমুহ শীঘ্ৰে পুৰণ নকৰিলে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত উচিত শিক্ষা দিয়া হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ নেতা সকলে ৷
অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈক শ্ৰদ্ধাঞ্জলীঃবাঘজানবাসীৰ বন্তি প্ৰজ্বলন
তৈল খাদত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা অইল ইণ্ডিয়াৰ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ আত্মাৰ সদ্গতিৰ বাবে বৃহস্পতিবাৰে বাঘজানবাসী ৰাইজে বন্তি প্ৰজ্বলন কৰি 1 মিনিট মৌন প্রার্থনা কৰে । লগতে,আগন্তুক দিনত যাতে কোনোৱে আৰু প্ৰাণ হেৰুৱাব লগা নহয় তাৰ বাবে প্ৰাৰ্থনা জনাই ৰাইজে ।
বিজেপি চৰকাৰ ধৃতৰাষ্ট্ৰৰঃ সাংসদ আব্দুল খালেক
বৃহস্পতিবাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। সাংসদ গৰাকীয়ে বিজেপি চৰকাৰক ধৃতৰাষ্ট্ৰৰ চৰকাৰ আখ্যা দিয়াৰ লগতে সদায় সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য আগবঢ়োৱা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক পাগল আখ্যা দিয়ে।
2021 ৰ নিৰ্বাচনত অসমৰ প্ৰায় কেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আপে
২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ মাথো কেইটামান মাহ বাকী থকা সময়তে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় কাম-কাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । অহা বিধান সভা নিৰ্বাচনত আম আদমী পাৰ্টি চমুকৈ আপে অসমৰ প্ৰায় প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব দিয়া সম্ভাৱনা আছে ।