ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ
ডুমডুমাৰ ব্যৱসায়ী পুলিন দুৱৰাৰৰ ইটাভাটাত থকা পুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় এগৰাকী লোকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা লোকগৰাকী বাগিছা খনৰ শ্ৰমিক বুধুৰাম কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷
বিশ্বত 2,18,17,650 লৈ বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ
বিগত 24 ঘণ্টাত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় মুঠ 2,18,17,650 গৰাকী লোকলৈ ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...
ভাৰতত 50 হাজাৰ অতিক্ৰম কৰিলে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা
ভাৰতত বিগত 24 ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 944 গৰাকী ব্যক্তিৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 51,045 লোকলৈ বৃদ্ধি পায় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷ আনহাতে, পশ্চিম বংগত দেওবাৰৰ দিনটোত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হৈছে 51 গৰাকী ব্যক্তিৰ ৷
পথত গছ বগৰাই ডকাইতে লুটিলে ৪ লাখ ৫০ হেজাৰ টকা
নিলামবজাৰত ডকাইতি কাণ্ড ৷ চাৰি-পাঁচজনীয়া এটা ডকাইতৰ দলে ডেগাৰ দেখুৱাই লুটি নিয়ে চাৰি লক্ষাধিক টকা ।
আফগানিস্তানত পাঁচ তালিবানী সন্ত্ৰাসবাদী নিহত
আফগানিস্তানত নিৰাপত্তাবাহিনী আৰু তালিবানী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ নিহত 5 সন্ত্ৰাসবাদী ৷