নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড
MANO MOTORS Works মাৰুটিৰ চাৰ্ভিছ চেণ্টাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।
কাৰাবন্দী এনডিএফবিৰ নেতাক মুকলি কৰি দিবলৈ প্ৰমোদ বড়োৰ আহ্বান
এবছুৰ কোকৰাঝাৰ জিলাৰ 52 তম অধিবেশনত বিশেষ অতিথি হিচাপে বুধবাৰে উপস্থিত থাকে বিটিচিৰ বৰ্তমানৰ প্ৰধান প্ৰমোদ বড়ো ৷ উক্ত অধিবেশনতে সাংবাদিকক সম্বোধন কৰি বৰ্তমান কাৰাবন্দী হৈ থকা ৰঞ্জন দৈমাৰীৰ লগতে আন সকলো সংগ্ৰামীক আইনগত পদ্ধতিৰে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান ৷
গুৱাহাটী প্ৰেছ ক্লাৱত মহিলা সাংবাদিকক দুব্যৱহাৰ :কে.বিক্ৰম ৰাওৰ প্ৰতিক্ৰিয়া
গুৱাহাটী প্ৰেছ ক্লাৱত মহিলা সাংবাদিকৰ ওপৰত হোৱা নিৰ্যাতনৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে ‘Indian Federation of Working Journalists’ৰ সভাপতি কে. বিক্ৰম ৰাৱে ৷ সংবাদমেলৰ মাজতে আহ্বায়কে শাৰিৰীক আৰু মৌখিকভাৱে অপব্যৱহাৰ কৰাৰ অভিযোগ সাংববাদিক গৰাকীক ৷
SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল
SI কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ শূণ্যসহনশীল নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰাজগড় যৌথ মঞ্চৰ ৷
সংখ্যালঘুৰ ভোটৰ অবিহনেই পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে : ৰণজিৎ দাস
দৰঙত বুধবাৰে বিজেপিৰ প্ৰথম পৃষ্ঠা প্ৰমুখ সভাত অংশগ্ৰহণ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷ সভাত সংখ্যালঘুসকলৰ ভোটৰ অবিহনেই বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি দাসে ৷