পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ
'কা' বিৰোধী প্ৰতিবাদত পুনৰ উত্তাল হ'ল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিহ্ৰুগড় ৷ ডিব্ৰুগড় চহৰত শতাধিক আছু কৰ্মীৰ প্ৰতিবাদী জোৰ সমদল ৷ চৰকাৰক আইন বাতিলৰ দাবী জনাই জংগী আন্দোলনৰ হুংকাৰ ৷
নিশা অভিজাত হোটেলত বিটিচি পাৰিষদৰ মাৰাথান বৈঠক
সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ বাবে বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হ'ব আস্থা ভোটৰ । ইয়াক লৈয়ে এতিয়া অভিজাত হোটেলত ইখনৰ পিচত সিখন মাৰাথান বৈঠকত মিলিত হৈছে বিজেপি, ইউপিপিএল তথা নৱ নিৰ্বাচিত পাৰিষদ সকল ৷
বিটিচি চৰকাৰ গঠনক লৈ উদ্বিগ্ন বড়ো সাহিত্য সভা
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচি চৰকাৰ গঠনক লৈ আস্থা ভোটৰ নিৰ্দেশনা দিয়াৰ পৰৱৰ্তী সময়ছোৱাত যেনে ধৰণৰ অস্থিৰ বাতাবৰণৰ উদ্ভৱ হৈছে তাক লৈ বড়ো সাহিত্য সভাই চিন্তিত হৈ বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷
উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ বন বিষয়াক
ছয়গাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী বন বিষয়া ৷ বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ উৎকোচ লৈ থকাৰ সময়ত হাতে-লোটে ধৰা পৰে বন বিষয়াগৰাকী ৷
বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
পশ্চিমবংগৰ ঐতিহাসিক বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভিডিঅ' কনফাৰেন্সযোগে বিশ্ব বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷