গুৱাহাটী, ৭ মার্চ : আজিৰে পৰা আৰম্ভ হৈছে দৌলযাত্ৰা আৰু হোলী তথা ফাকুৱা (Holi celebrated in Assam) । সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে এই দৌলযাত্ৰা আয়োজন কৰা হৈছে (Doul Yatra celebrated in Assam) । এই দৌলযাত্ৰা উপলক্ষে ৮ মাৰ্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে (8th March Local Holiday declared in Kamrup Metro) । সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি, বুধবাৰে অৰ্থাৎ ৮ মাৰ্চৰ দিনা কামৰূপ মহানগৰ জিলাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শিক্ষানুষ্ঠানত স্থানীয় বন্ধৰ কথা ঘোষণা কৰিছে ।
সেইদিনা জিলাখনৰ বেংক, বিত্তীয় প্রতিষ্ঠানসমূহো বন্ধ থাকিব । একেদৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে সুকীয়া প্ৰেছ অধিসূচনাযোগে জিলাখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে । উল্লেখ্য যে দৌলযাত্ৰাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনহাতে, দৌলযাত্ৰাৰ সমান্তৰালভাৱে পালন কৰা হৈছে হোলী বা ফাকুৱা । কিন্তু এই ৰঙৰ উৎসৱ ফাকুৱা পালন কৰোঁতে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে তাৰ বাবে সতৰ্ক কৰি দিছে অসম আৰক্ষীয়ে ।