অসম

assam

ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি - অষ্টম দীক্ষান্ত সমাৰোহ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ সম্পন্ন ৷ প্ৰাক্তন মুখমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি প্ৰদান । দিশান্ত সমাৰোহৰ জৰিয়তে এই বছৰ মুঠ ৯৪৪ গৰাকী শিক্ষাৰ্থী আৰু গৱেষকক ডিগ্ৰী প্ৰদান কৰা হয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি

By

Published : Sep 15, 2021, 9:14 PM IST

গুৱাহাটী, ১৫ ছেপ্তেম্বৰ :ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেল প্লেটফৰ্মৰ মাধ্যমেৰে অষ্টম সমাৱর্তন সম্পন্ন কৰে । ক’ভিত বিধি অনুসৰি ভাৰ্চুৱেল প্লেটফৰ্মৰ মাধ্যমেৰে অযোজন কৰা এই দীক্ষান্ত সমাৰোহৰ জৰিয়তে এই বছৰ মুঠ ৯৪৪ গৰাকী শিক্ষাৰ্থী আৰু গৱেষকক ডিগ্ৰী প্ৰদান কৰা হয় ।

ইয়াৰ ভিতৰত ৭২৪ গৰাকী স্নাতক, ২১৩ গৰাকীক স্নাতকোত্তৰ, ৭ গৰাকীক পিএইছ ডি প্ৰদান কৰা হয় । তাৰোপৰি অসম ডাউন টাউন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইবাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা সফল উদ্যোগী পদ্ম হাজৰিকাক সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰি সন্মানিত কৰে ।

উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ ভাৰ্চুৱেল প্লেটফৰ্মৰ মাধ্যমৰে অসম ডাউন টাউন বিশ্ববিদ্যালযে অষ্টম দীক্ষান্ত সমাৰোহ সম্পন্ন কৰে । দীক্ষান্ত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মুখী ।

লগতে পঢ়কঃ টেট পৰীক্ষাত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ AIUDF-ৰ

ABOUT THE AUTHOR

...view details