গুৱাহাটী, ১৮ ডিচেম্বৰ:দেওবাৰে অন্ত পৰিল অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ । বি ভি এফ এফৰ অন্তিমটো দিনৰ আৰম্ভণি হয় হৰ্ষদ নালাৱাদেৰ চিন্তা-উদ্দীপক ছবি ‘ফল’ৱাৰ্ছ’ৰ প্ৰদৰ্শনেৰে । অন্তিম দিনৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝা, অভিনেতা আদিল হুছেইনকে ধৰি সাংস্কৃতিক জগতৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি ।
চলচ্চিত্ৰ মহোৎসৱৰ অন্তিম দিনটোত শিৱম সিং ৰাজপুতৰ দ্বাৰা পৰিচালিত ‘লাডাখ ৪৭০’ শীৰ্ষক আন এখন তথ্যচিত্ৰও উপস্থাপন কৰা হয় । এই তথ্যচিত্ৰখন, কাৰ্গিল বিজয় দিৱস ২০২২ৰ সময়ত ভাৰতীয় সেনাক সন্মান জনোৱাৰ বাবে ৪৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা, চুফীয়া চুফী ৰানাৰৰ দৌৰৰ ওপৰত আধাৰিত ।
এই বৰ্ষৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱালৈ জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয় । লগতে আদিল হুছেইন অভিনীত নাথালিয়া শ্যামৰ ছবি 'ফুটপ্ৰিন্টছ অন ৱাটাৰ'লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় । ইউ কেত এক উন্নত জীৱনৰ বাবে আকাংক্ষা কৰা এটা গোপন অবৈধ অনুপ্ৰৱেশকাৰীৰ দলৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল চলচ্চিত্ৰখন । ইফালে মনোজ সিন্দেক তেওঁৰ মাৰাঠী ভাষাৰ ফিচাৰ ছবি 'ভল্লী'ৰ বাবে শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ পৰিচালকৰ বঁটা প্ৰদান কৰা হয় ।