গুৱাহাটী, 7 মাৰ্চ: মহানগৰীৰ শিলসাঁকো বিলৰ বেদখলী ভূমিত উচ্ছেদ অভিযানক লৈ সৃষ্টি হোৱা খলকনি মাৰ নৌযাওঁতেই কামৰূপ মহানগৰ জিলা উপায়ুক্তই শেহতীয়াকৈ মহানগৰীৰ ৮৯খন দলং ভাঙি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছে(Guwahati bridge to be demolished)। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা(Artificial Flood in Guwahati) দূৰ কৰিবলৈ মহানগৰ প্ৰশাসনে লৈছে এই সিদ্ধান্ত ৷
জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই যোৱা ২ মাৰ্চত জাৰি কৰা এই নিৰ্দেশত উল্লেখ আছে যে বাহিনী নৈৰ ওপৰৰ এই দলংসমূহে নৈখনৰ পানী স্বাভাৱিকভাৱে প্ৰৱাহিত হৈ থকাত বাধাৰ সৃষ্টি কৰিছে । ফলত ৰুক্মিণীগাঁও, হাতীগাঁও, বেলতলা, বশিষ্ঠ, দ্বাৰকা নগৰ, ডাউন টাউন, জুৰিপাৰ, ভি আই পি ৰোড আদি অঞ্চল জলমগ্ন হৈ পৰে ।
গুৱাহাটীবাসীক ‘সকাহ’ দিবৰ বাবে তেওঁ গুৱাহাটী পৌৰ নিগমক তৎকালে এই দলংকেইখন ভঙাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। লক্ষণীয় যে উপায়ুক্তই (Kamrup metro DC Pallav Gopal Jha) ভাঙিবলৈ নিৰ্দেশ দিয়া দলঙৰ তালিকাত কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল, সংযোগী পথ, চৰকাৰী অনুষ্ঠানলৈ যোৱা পথো আছে (Inhuman step by Administration) ।
ইয়াৰ ভিতৰত আছে ৰাধা গোৱিন্দ বৰুৱা পথ সংযোগী জুৰণি পথ, নামঘৰ পথ, জেউতি পথ ৰাজ্যিক চিৰিয়াখানা, জাপৰিগোগ পথ, শিৱমন্দিৰ, সুন্দৰপুৰ মূল পথ, সুন্দৰপুৰ ১৮নং পূব বাইলেন, সূৰু্যমুখী পথ, ৰংপুৰ পথ, মানিক নগৰ, মানিক নগৰৰ জয়ন্ত হাজৰিকা পথ, গণেশগুৰিৰ নয়নপুৰ পথ, হেঙেৰাবাৰী পথ (খগেন মহন্ত পথ), কেকোৰা নগৰ পথ, নেডফি হাউছ, নাবার্ড, শ্রীমন্ত শংকৰ একাডেমী, দিলীপ হুজুৰী পথ, গুডহেল্থহাস্পতাল, দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উদেষ্ণা, জাকিৰ হুছেইন পথ, ডাউন টাউন হাস্পতাল, পূর্বাঞ্চল পথ, টঙৰা সত্ৰৰ সমীপত, চতুৰ্ভুজ পথ, সেউজ নগৰ, সৌৰভ নগৰ সংযোগী দলং। ইয়াৰ উপৰি আন ভালেসংখ্যক লোকৰ ঘৰ আৰু ব্যক্তিগত প্রতিষ্ঠান সংযোগী দলঙো ভঙাৰ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যদি কোনো লোকে বাধা প্ৰদান কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰিছে উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক :AAP Protest against price hike: মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ
ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ স্বাৰ্থত শিলসাঁকো বিলক বেদখলমুক্ত কৰাৰ বাবে মহানগৰ জিলা প্ৰশাসন তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে 27 ফেব্ৰুৱাৰীৰ পৰা চলাইছিল উচ্ছেদ অভিযান(GMDA eviction at silsako beel) ৷ এই উচ্ছেদক লৈ ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷