গুৱাহাটী, 25 এপ্ৰিল :সদ্যসমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) ত মুঠ 8,097 গৰাকী ভোটাৰে ন'টাত ভোটদান কৰে ৷ শেহতীয়াকৈ অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল মাত্ৰ 52.80 শতাংশ অৰ্থাৎ 4,00,806 টা ভোটদান সম্পন্ন হৈছিল ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদান হৈছিল 49 শতাংশ ৷ অৰ্থাৎ যোৱাবাৰৰ তুলনাত এইবাৰৰ নিৰ্বাচনত মাত্ৰ তিনি শতাংশ ভোটদান বৃদ্ধি হৈছে ৷
আনহাতে, এইবেলি পৌৰ নিগমৰ নিৰ্বাচনত মুঠ 8,097 গৰাকী ভোটাৰে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীয়েই বিচাৰি নাপালে(8097 voters cast NOTA votes on GMC election 2022 ) ৷ ইভিএমত ন’টা বুটাম টিপি(NOTA votes on GMC election 2022) তেওঁলোকে প্ৰকাশ কৰিছে এই অসন্তুষ্টি ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আৰু ন'টাত কৰা ভোটদানৰ হাৰে গুৱাহাটীবাসীৰ নিৰ্বাচনৰ লগতে জনপ্ৰতিনিধিৰ প্ৰতি আস্থা আৰু বিশ্বাস হেৰুওৱাৰ প্ৰশ্ন উত্থাপন কৰিছে ৷