অসম

assam

ETV Bharat / state

একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

একেদিনাই অসমত পোৱা গ'ল 8 গৰাকীকৈ COVID-19 আক্ৰান্ত ৰোগী ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷ আক্ৰান্তসকলৰ চাৰিগৰাকী শিলচৰৰ আৰু চাৰিগৰাকী গুৱাহাটীৰ ৷

8 person tested covid 19 positive on one day in Assam
8 person tested covid 19 positive on one day in Assam

By

Published : May 8, 2020, 9:04 AM IST

Updated : May 8, 2020, 9:57 AM IST

নিউজ ডেস্ক, 8 মে' : একেদিনাই অসমত চিনাক্ত 8 গৰাকীকৈ COVID-19 আক্ৰান্ত ৰোগী ৷ শিলচৰত চাৰিগৰাকী আৰু গুৱাহাটীত চাৰিগৰাকীকৈ আক্ৰান্ত হৈছে COVID-19ত ৷ কাছাৰৰ COVID-19ত আক্ৰান্ত ব্যক্তিৰ সৈতে একেখন বাহনতে ৰাজস্থানৰ পৰা আহিছিল শিলচৰত চিনাক্ত হোৱা চাৰিগৰাকী ৷

একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

আনহাতে, গুৱাহাটী মহানগৰীত চিনাক্ত হোৱা কেইগৰাকীৰ এগৰাকী অসমৰ বাহিৰৰ পৰা অহা আৰু বাকী 3 গৰাকী মহানগৰীৰে বাসিন্দা ৷ তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীৰ আক্ৰান্ত চাৰিগৰাকীৰ এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী তিনিগৰাকীৰ এগৰাকী চিকিৎসক, এগৰাকী চাফাইকৰ্মী আৰু এগৰাকী বহিঃ ৰাজ‍্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত থকা ব‍্যক্তি আছিল । চিনাক্ত হোৱা চিকিৎসকগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তোৰ শ্ৰেণীৰ ছাত্ৰ ৷

বৰ্তমানলৈকে অসমত মুঠ COVID-19 আক্ৰান্তৰ সংখ্যা হৈছে 53 গৰাকী ৷ ইয়াৰে 18 গৰাকী চিকিৎসাধীন আৰু 34 গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ আনহাতে বৰ্তমানলৈকে মৃত্যু হৈছে এজনৰ ৷

লগতে পঢ়ক :ক'ত হেৰাল কুমুদঃ অস্বস্তিত বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ

Last Updated : May 8, 2020, 9:57 AM IST

ABOUT THE AUTHOR

...view details