অসম

assam

ETV Bharat / state

2018 বৰ্ষত অভিযান চলাই উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ 8 কোটি সংগ্ৰহ - guwahati

উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে বিগত বছৰত সমগ্ৰ উত্তৰ পূবত টিকট বিহীন ভাবে ৰে'ল যোগে যাত্ৰা কৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান চলাই সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা। বিগত বছৰত উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে টিকট বিহীন যাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে ৮ কোটি ৬০ লাখ টকাৰ জৰিমনা।

2018 বৰ্ষত অভিযান চলাই উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ 8 কোটি সংগ্ৰহ

By

Published : May 1, 2019, 7:58 PM IST

Updated : May 1, 2019, 8:46 PM IST

গুৱাহাটী, 1 মেঃ টিকট বিহীন ভাবে ৰে'লত যাত্ৰা কৰাটো অপৰাধ যদিও এনে বহু ব্যক্তি আছে যি সঘনাই টিকট বিহীন ভাবে ৰে'লত যাত্ৰা কৰে। যদি আপুনিও টিকট ক্ৰয় নকৰাকৈ ৰে'ল যাত্ৰা কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক আৰু টিকট ক্ৰয় কৰি ৰে'ল যাত্ৰা কৰক কাৰণ টিকট ক্ৰয় নকৰাকৈ ৰে'ল যোগে যাত্ৰা কৰা ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ হৈছে উত্তৰ পূব সীমান্ত ৰে'ল বিভাগ ৷

  • টিকট ক্ৰয় নকৰাকৈ ৰে'ল যাত্ৰা কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ
  • বিগত বছৰত টিকট বিহীন যাত্ৰীৰ পৰা উত্তৰ-পূব সীমান্ত ৰে'ল বিভাগে সংগ্ৰহ কৰিলে ৮ কোটি ৬০ লাখ টকাৰ জৰিমনা
  • বিগত বছৰত ৰে'ল যোগে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ চেষ্টা কৰা ৬০ জনকৈ ব্যক্তিও ৰে'ল আৰক্ষীৰ জালত পৰে
  • লগতে ৰে'ল আৰক্ষীয়ে জব্দ কৰিছে ৮ কোটি ১০ লাখ মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী
  • ৰে'ল বিভাগে বিগত বছৰত ৰে'ল যোগে শিশু সৰবৰাহত জড়িত ৬০৪ লোকক আটক কৰে
  • অবৈধ ভাৱে ৰে'লৰ টিকট বিক্ৰী কৰা ৫৫ জন দালালকো আটক কৰিছে ৰে'ল বিভাগে
  • বিগত বছৰত উত্তৰ-পূব সীমান্ত ৰে'লৰ অন্তৰ্গত বিভিন্ন ৰে'ল ষ্টেচনত অবৈধ ভাৱে সামগ্ৰী বিক্ৰী কৰা প্ৰায় ৫ হাজাৰ লোককো ৰে'ল বিভাগে আটক কৰিছে
Last Updated : May 1, 2019, 8:46 PM IST

ABOUT THE AUTHOR

...view details