অসম

assam

ETV Bharat / state

গুৱাহাটীত সপ্তম সংখ্যক 'কুইয়াৰ প্ৰাইড ২০২০’ - গুৱাহাটীত কুইয়াৰ প্ৰাইড ২০২০

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আগন্তুক অনুষ্ঠানৰ বিষয়ে জনাই কুইয়াৰ প্ৰাইডৰ উদ্যোক্তাই । কুইয়াৰ প্ৰাইডৰ আয়োজক সমিতিৰ হৈ প্ৰকাশ দাস,ৰুণজুন দেৱী,শিৱালাল গৌতমে এই সংবাদমেল সম্বোধন কৰে ৷

7th Queer pride 2020 at Guwahati
'কুইয়াৰ প্ৰাইড ২০২০’

By

Published : Feb 8, 2020, 10:53 AM IST

Updated : Feb 8, 2020, 11:36 AM IST

গুৱাহাটী,8 ফেব্ৰুৱাৰীঃ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব সপ্তম সংখ্যক 'কুইয়াৰ প্ৰাইড ২০২০’শীৰ্ষক অনুষ্ঠান৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে দীঘলীপুখুৰী পাৰৰ পৰা উলিওৱা হ'ব এক বিশেষ সমদল ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব শতাধিকসমকামী,উভয়লিংগ,তৃতীয় লিংগআদি লোকসকলে ৷ কুইয়াৰ অৰ্থাৎ অসাধাৰণ এই লোকসকলক সমাজত এক অন্য চকুৰে চোৱা হয় ৷ যাতে সমাজত তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ জীৱন যাপন কৰিব পাৰে তাৰ বাবেই প্ৰতিবছৰে আয়োজন কৰা হয় এই কুইয়াৰ প্ৰাইড শীৰ্ষক এই অনুষ্ঠানটো ৷

গুৱাহাটীত 'কুইয়াৰ প্ৰাইড ২০২০’

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আগন্তুক অনুষ্ঠানৰ বিষয়ে জনাই কুইয়াৰ প্ৰাইডৰ উদ্যোক্তাসকলে। এই সংবাদমেলতে সমকামী,উভয়লিংগ,তৃতীয় লিংগ আদি লোকসকল নিজৰ প্ৰাপ্য,নিৰাপত্তা আৰু বিভিন্ন অধিকাৰ আদিৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপিত কৰে। ইয়াৰোপৰি শেহতীয়াকৈ চৰকাৰে গৃহীত কৰা তৃতীয় লিংগ আইন, ২০১৯ৰ জৰিয়তে পূৰ্বৰ বহু অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে বুলিও উল্লেখ কৰে প্ৰাইডৰ উদ্যোক্তাই ৷

উল্লেখযোগ্য যে,কুইয়াৰ প্ৰাইডৰ আয়োজক সমিতিৰ হৈ প্ৰকাশ দাস,ৰুণজুন দেৱী, শিৱালাল গৌতমে এই সংবাদমেল সম্বোধন কৰে। আনহাতে এন আৰ চিত তৃতীয় লিংগৰ লোকসকলৰ নাম অন্তৰ্ভুক্তি নোহোৱা সন্দৰ্ভত চৰকাৰক অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই শিৱালাল দত্তই ৷

লগতে পঢ়ক-দলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা

Last Updated : Feb 8, 2020, 11:36 AM IST

ABOUT THE AUTHOR

...view details