অসম

assam

ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - 7PM TOP TEN NEWS

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

7PM TOP TEN NEWS
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Sep 9, 2020, 6:56 PM IST

বিকশিত অসমৰ নমুনাঃ 22 বছৰে নিৰ্মাণ নহ'ল এখন দলং

বিকশিত অসমত নাই যোগাযোগৰ ব্যৱস্থা ৷ এয়া আমাৰ কথা নহয় ৷ নিজেই চাওঁক বেলশিৰি নদীৰ এই প্ৰতিবেদন ৷ শোণিতপুৰৰ মিছামাৰীত বিগত 22 বছৰে টুলুঙা নাৱেৰে বিপদ সংকূলভাৱে যাত্ৰা কৰি আহিছে ৰাইজে ৷

ভাৰতীয় সৈন্য অপ্ৰতিৰোধ্য: লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী

প্ৰাক্তন ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট কৰ্ণেল এ কে নন্দীৰ সৈতে হোৱা ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷

আছুৱে আবদ্ধ কৰিলে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন

নামনি সোৱণশিৰি জলবিদ্যু প্ৰকল্পলৈ নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা তিনিখনকৈ বাহন জব্দ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ দলটোৱে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মঙলবাৰৰ পৰা বাহন তিনিখন আৱদ্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

জনা-নজনা: পিঠিৰ বেগত হৃদপিণ্ড লৈ ফুৰা যুৱতীগৰাকী

অবিশ্বাস্য যেন লাগিলেও এইয়াই সঁচা ৷ ব্ৰিটেইনৰ এগৰাকী যুৱতীয়ে দীৰ্ঘদিনে তেওঁৰ পিঠিত থকা বেগতেই কঢ়িয়াই লৈ ফুৰিছে নিজৰ হৃদপিণ্ড ৷

কামপুৰত আটক প্ৰৱঞ্চকৰ দল

নগাঁও জিলাৰ কামপুৰত বুধবাৰে আৰক্ষীয়ে আটক কৰে ছগৰাকী প্ৰৱঞ্চক ৷ আৰক্ষীয়ে প্ৰৱঞ্চক কেইগৰাকীৰ পৰা জব্দ কৰে নকল নোট তৈয়াৰ কৰা এটা ভুৱা যন্ত্ৰ ৷

আইপিএল 2020 ৰ 'পাৰপল কেপ'ৰ দৌৰত থাকিব কোন কোন বলাৰ ?

13 সংখ্যক ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ আৰম্ভ হ'ব 19 ছেপ্তেম্বৰৰ পৰা ৷ ক'ভিড-19 আতংকৰ বাবে পূৰ্বে স্থগিত ৰখা আইপিএল এইবাৰ আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰা হ'ব ৷ আইপিএলত পাৰপল কেপৰ দৌৰত প্ৰতিযোগিতা আগবঢ়াব বিচাৰে সকলো বলাৰে ৷ আইপিএল 2020 আৰম্ভ হ'বলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ মাজতে ইটিভি ভাৰতে নিৰ্বাচিত কৰি উলিয়াইছে 5 গৰাকী শীৰ্ষ প্ৰতিযোগীৰ নাম ৷

হাগ্ৰামা মহিলাৰী চতুৰ্থবাৰৰ বাবে হ'ব বিটিচি প্ৰধানঃ চন্দন ব্ৰহ্ম

তামুলপুৰৰ দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ পাটকিজুলীত বুধবাৰে অনুষ্ঠিত হয় বিপিএফ দলৰ এক কৰ্মী সভা । 26 নং দৰঙগাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীক বিপুল ভোটৰ ব্যৱধানত জয় যুক্ত কৰোৱাৰ বাবে বিপিএফ দলে আয়োজন কৰে এই বিশেষ কৰ্মী সভা ।

এইবাৰ দুৰ্গোৎসৱৰ উচাহ নাই বিল্বেশ্বৰত দেৱালয়ত

বিগত সময়বোৰৰ দৰে এইবাৰ কোনোধৰণৰ প্ৰস্তুতি নাই পূজা মণ্ডপ সমূহত ৷ দূৰ্গাপূজাৰ এক পৌৰাণিক প্ৰথা বলি বিধান ৷ বলি বিধান বুলি ক'লেই বাতৰিৰ শিৰোনামা দখল কৰা নলবাৰীৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ নাম শীৰ্ষত জিলিকি ৰয়৷ কিন্তু এইবাৰ ক’ৰণা মহামাৰীৰ বাবেই এই দেৱালয়ত বিশেষ প্ৰস্তুতি নাই ।

দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শতাধিক লোকৰ কংগ্ৰেছত যোগদান

অসম বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃ্দ্ধি পাইছে ৷ কংগ্ৰেছ ,বিজেপি,অগপ দলত যোগদান কৰিছে বহু শিল্পী,ৰাজনৈতিক দলৰ প্ৰাক্তন নেতা কৰ্মীয়ে ৷

কোকৰাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ মহিলাৰ মৃতদেহ

কোকৰাঝাৰত হত্যাৰ বলি ৰেচম বিভাগৰ এগৰাকী কৰ্মচাৰী । জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ প্ৰমিলা নাৰ্জাৰী নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ৷ হত্যাকাৰীক কৰায়ত্বৰ দাবী ।

For All Latest Updates

ABOUT THE AUTHOR

...view details