অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 14, 2020, 7:06 PM IST

স্বাধীনতা দিৱস: কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা

কাইলৈ কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ ত্ৰিৰংগা পতাকা ? জানিবলৈ চাওক এই প্ৰতিবেদন...

জয়পুৰ বৰ্ষাৰণ্যৰ বন ধ্বংসঃ উপায়ুক্তৰ বিশেষ ৰাজহুৱা সভা

উক্ত সভাত উপায়ুক্তগৰাকীয়ে বৰ্ষাৰণ্যত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰি অহা পথসমূহ চিনাক্ত কৰাৰ পথ চিনাক্ত কৰিবৰ বাবে ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ নেওগক নিৰ্দেশ প্ৰদান কৰে ৷

বেংগালুৰু সংঘৰ্ষঃ কংগ্ৰেছ পাৰিষদৰ স্বামীসহ অন্য 60 জন লোকক গ্ৰেপ্তাৰ

বেংগালুৰু আৰক্ষীৰ অপৰাধ শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত সন্দীপ পাটিলে কয় যে, "কংগ্ৰেছৰ পাৰিষদ ইৰ্শাদ বেগমৰ স্বামী কলিম পাশাৰ লগতে অন্য 60 জন লোকক বেংগালুৰুৰ হিংসাত্মক কাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ৷"

কৃষি বিশ্ববিদ্যালয়ৰ ভূমি কেলেংকাৰীঃ ৰাজ্যপালে গঠন কৰিলে তদন্ত আয়োগ

এই আয়োগৰ আন দুগৰাকী সদস্য হ'ল আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰমন আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া উমেশ কুমাৰ । উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই তেওঁৰ কাৰ্যকালত গুৱাহাটীৰ খানাপাৰাস্থিত বিশ্ববিদ্যালয়ৰ প্ৰায় ১০ বিঘা মাটি বিধি বহিৰ্ভূতভাৱে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক হস্তান্তৰ কৰিছিল। ইয়াকে লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ।

শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক

উল্লেখ্য যে নদীখনৰ কাষত খৰি বুটলি থকা তিনিজনকৈ লোকক উটুৱাই লৈ যায় প্ৰলয়ংকৰী বানে । নদীৰ প্ৰবল সোঁতত উটি যোৱা ব্যক্তি কেইজন চৰয়নী গাঁৱৰ সুনিল দাস(৪৫), পুষ্পা ৰয়(১৪)আৰু পৰেশ ৰয়(১০) বুলি জানিব পৰা গৈছে। অৱশ্যে গাঁওখনৰ নাতি দূৰৈত সুনিল দাস আৰু পুষ্পা ৰয়ৰ মৃতদেহ স্থানীয় লোকে উদ্ধাৰ কৰে।

সম্পূৰ্ণ কলিয়াবৰ বান প্ৰলয়ৰ তিনিটা বছৰ

তিনিটা বছৰ পাৰ হ'ল মহাপ্ৰলয়ৰ ৷ কিন্তু এই তিনিটা বছৰে বানপীড়িতই নাপালে ক্ষতিপূৰণ ৷ ২০১৮ চনৰ ৯ আগষ্টত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই এক সভাত কলিয়াবৰৰ বান পীড়িতসকলক সাহাৰ্য বিতৰণ কৰে ৷

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গৰু

ধুবুৰী আৰক্ষীৰ অভিযানত 97 টা চোৰাং গৰু জব্দ ৷ জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই নাও লৈ অভিযান চলাই নদী পথৰ পৰা জব্দ কৰে অবৈধ গৰু কেইটা ৷ জব্দকৃত গৰু সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় কোটি টকা ৷

মেনেজাৰ বদলিৰ নিৰ্দেশঃ লঙ্গাই চাহ বাগানত উত্তাল প্ৰতিবাদ

বাগানৰ মেনেজাৰৰ বদলিৰ নিৰ্দেশৰ বিৰোধিতাৰে লঙ্গাই চাহ বাগানৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ মেনেজাৰ প্ৰদীপ গগৈৰ বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শুকুৰবাৰে বাগানখনৰ প্ৰায় 2 শতাধিক শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

সৰ্বত্ৰে মহামাৰী ক'ৰণাৰ সন্ত্ৰাস। ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা বহুকেইটা মাহ ধৰি বন্ধ হৈ আছে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা। এই বন্ধৰ মাজতে চিৰিয়াখানালৈ আহিল দুই আলহি । সেয়েহে চিৰিয়াখানা চৌহদত বৈছে এতিয়া আনন্দৰ বন্যা ।

বাঁহৰ দলং ভাঙি পিচলা নৈত দম্পতী

লখিমপুৰত দুৰ্ঘটনা ৷ বাঁহৰ দলং ভাঙি পিচলা নৈত পৰিল দম্পতী ৷ লখিমপুৰৰ পৰা নাৰায়নপুৰলৈ মিতিৰ খাবলৈ আহিছিল দম্পতীহাল ৷

ABOUT THE AUTHOR

...view details