আছুৰ নতুন ৰাজনৈতিক দলৰ সৈতে আগবাঢ়িব সংগ্ৰামী মঞ্চ: অদীপ কুমাৰ ফুকন
ৰাজ্যৰ বিভিন্ন জাতীয় সমস্যা সমাধানৰ লগতে অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে কৰ্মসূচী গ্ৰহণ কৰিছে অসম সংগ্ৰামী মঞ্চই ৷ তাৰোপৰি কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত পৰিচালিত বিজেপি চৰকাৰে ৰাজ্যৰ জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ লগতে ৰাজহুৱা খণ্ড ধ্বংস কৰিবলৈ শেহতীয়াভাৱে প্ৰযোজ্য় কৰিবলগীয়া EIA 2020 আইনৰ জাননী জাৰি আদি কাৰ্যত বাধা দিয়াৰ বাবে ৰাজ্যত শক্তিশালী আঞ্চলিক শক্তিৰ প্ৰয়োজন ৷ বৃহস্পতিবাৰে বৰপেটাত অসম সংগ্ৰামী মঞ্চৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰি এই কথা প্ৰকাশ কৰে দলটোৰ সভাপতি অদীপ কুমাৰ ফুকনে ৷
নতুন শিক্ষা নীতি সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য
কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা নতুন শিক্ষা নীতিক লৈ বিস্তৃত পৰ্যালোচনাৰ প্ৰয়োজন আছে । এই মন্তব্য সদৌ অসম ছাত্র সন্থা (আছু)ৰ । সমগ্ৰ দেশতে বলবৎ হ'বলগীয়া এই নতুন শিক্ষা নীতি সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে,নতুন শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰাৰ সময়তে আছুৱে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। তাৰ ভিতৰত আছিল মাতৃভাষাৰ বিষয়টোও। মাধ্যমিক পৰ্যায়লৈকে মাতৃভাষা বাধ্যতামূলক হোৱাটো আছুৱে বিচাৰিছিল। কিন্তু নতুন শিক্ষা নীতিত দেখা গৈছে এই ব্যৱস্থা পঞ্চম শ্ৰেণীলৈকেহে কৰা হৈছে ।
অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত প্ৰতিবাদ
কৃষকনেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী বিলাসীপাৰাৰ বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি, ধুবুৰী জিলা কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে বানিয়ামাৰী আঞ্চলিক কৃষক মুক্তি আৰু ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বানিয়ামাৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ সদস্য সকলে ৷
মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ
মণিপুৰত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ এম্বুশ্ব ৷ 4ৰ্থ আছাম ৰাইফলছৰ এটা তহলদাৰী দলৰ ওপৰত সংঘটিত হোৱা এই আক্ৰমণত শ্বহীদ হয় অসমৰ এগৰাকী ৰাইফলমেনকে ধৰি মুঠ 3 গৰাকী ৰাইফলমেন ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন 5 গৰাকী ৰাইফলমেন ৷
পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই
ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আৰু নাটাশা ষ্টানকোভিকৰ এটি পুত্ৰ সন্তান জন্ম হোৱা বুলি চ'ছিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে 26 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে ৷ তেওঁ টুইটাৰৰ জৰিয়তে কয়,"আমি এটি পুত্ৰ সন্তানৰ অভিভাৱক হোৱাৰ সৌভাগ্য লাভ কৰিলো ৷" নৱজাতক শিশুটিৰ হাতখনৰ সৈতে এখন ফ'টো পোষ্ট কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷