অসমৰ জাতীয়তাবাদ আজিৰ তাৰিখত সংকটৰ গৰাহত : লুৰীণ
কাৰ্বি আংলঙৰ ডিফুত উপস্থিত লুৰিণ জ্যোতি গগৈ ৷ উপস্থিত হৈ আঞ্চলিকতাবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য নেতা গৰাকীৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো মন্তব্য প্ৰদান লুৰিণৰ ৷
মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা
অখিল গগৈ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত হোৱা হেতুকে বিচাৰ চলি থাকিব অখিলৰ ৷ এই বিচাৰ আদালতে কৰিব ।
নগাঁৱত তামোলৰ বস্তাত দমে দমে ইটা
নগাঁৱত তামোলৰ নামত গ্ৰাহকৰ পৰা লুন্ঠন ব্যৱসায়ীৰ ৷ তামোলৰ ওজন বঢ়াবলৈ বস্তাত ভৰাই আনিছে ইটা ৷ প্ৰৱঞ্চক ব্যৱসায়ীক আটক ৰাইজৰ ৷
ৰাইজৰ দলৰ অভিৱৰ্তনত ধৈৰ্য্য কোঁৱৰৰ উদাত্ত ভাষণ
মৰাণৰ মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ অধিবেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানত উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰে।
বনকৰ্মীক মাৰণাস্ত্ৰ প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ প্ৰতিক্ৰিয়া
বন্য প্ৰাণীক নিৰাপত্তা প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা ন্যায়ধীশ গৰাকীৰ ৷