অসম

assam

By

Published : Feb 22, 2022, 8:02 PM IST

Updated : Feb 22, 2022, 10:36 PM IST

ETV Bharat / state

মাজুলী উপ নিৰ্বাচন : ভোটাৰ তালিকাত ৭৮২ গৰাকী ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত

৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপ নিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ (In Majuli 133228 voters will be able to exercise their democratic rights) । ইয়াৰ ভিতৰত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ । ভোটাৰ তালিকাত নতুনকৈ ৩,০২৯ গৰাকী ভোটদাতাৰ নাম সন্নিবিষ্ট হৈছে ।

Majuli by election 2022
ভোটাৰ তালিকাত ৭৮২ গৰাকী ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : মাজুলী বিধানসভা সমষ্টি (Majuli by election 2022)ৰ বাবে ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব (782 voters newly enrolled in the voters list )। ইয়াৰ ভিতৰত ৬৭,৮১৯ গৰাকী পুৰুষ আৰু ৬৫,৪০৮ গৰাকী মহিলা । তদুপৰি আছে ৪০০ গৰাকী ছাৰ্ভিছ ভোটাৰ ।

আনহাতে, এই উপ নিৰ্বাচনত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী ভোটাৰ, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । উল্লেখ যে, চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ বিগত বৰ্ষৰ ১৮ নবেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে ৫ জানুৱাৰীলৈ এইবাৰৰ ভোটাৰ তালিকাত মাজুলী সমষ্টিটোত মুঠ ২,২৪৭গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিবিষ্ট কৰা হৈছিল ।

আনহাতে, ইয়াৰ পিছতো নিৰৱচ্ছিন্নভাৱে চলি থকা ভোটাৰ তালিকাত নাম সন্নিৱিষ্টকৰণ প্ৰক্ৰিয়াত সমাগত নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীলৈ এই সমষ্টিটোত ৭৮২ গৰাকী ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ।

এক বিবৃত্তি যোগে এই কথা জানিবলৈ দিয়ে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে । এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলোৰে গোহাৰি জনাইছে ।

লগতে পঢ়ক :কাগজ কলৰ নামত আৱণ্টিত ৪,১৪১ কোটি টকাৰ হিচাপ দিয়ক : প্ৰদেশ কংগ্ৰেছ

Last Updated : Feb 22, 2022, 10:36 PM IST

ABOUT THE AUTHOR

...view details