গুৱাহাটী, ১৫ আগষ্ট : দেশৰ লগতে ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী । পুৱা ৮.৪৫ মিনিটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় খানাপাৰা পশুচিকিৎসালয় খেলপথাৰত ।
প্ৰথমে বিশেষ বাহনত উঠি খেলপথাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পিচতেই মুখ্যমন্ত্ৰীয়ে খোজকাঢ়ি পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী জোৱানৰ অভিবাদন গ্ৰহণ কৰে । পুৱা ৯ বজাৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই । পতাকা উত্তোলনৰ পিচতেই আৰম্ভ হয় মুখ্যমন্ত্ৰীৰ ভাষণ । বীৰ শ্বহীদক সুঁৱৰি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে ভাষণ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, ‘‘২৪ বছৰ পিচত দেশ বিকশিত স্তৰত থাকিব । শীঘ্ৰেই অসম আৰক্ষী বিভাগত ২৬ টা নতুন ই-সেৱাৰ ব্যৱস্থা কৰা হ'ব । ডিজিটেল পদ্ধতিৰে সকলো চৰকাৰী কাম-কাজ কৰা হ'ব । ঘৰৰ পৰাই নিজৰ কাম সমাধান কৰিব পৰা ব্যৱস্থা কৰা হ'ব ।
দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেনে ধৰণেই কাম কৰা হৈছে । বৰ্তমানলৈ ১২৭ জন দুৰ্নীতি পৰায়ন ব্যক্তিক বৰ্খাস্ত কৰা হৈছে । ইয়াৰোপৰি ৰাজ্যত ১০ কোটি বাণিজ্যিক গছ ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ১৭ ছেপ্টেম্বৰত ১ কোটি গছপুলি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ৪০ লাখ লোকে গণবিভাগ পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে’’ ।
লগতে ৰাজ্য প্ৰতিখন গাঁও, পঞ্চায়ত, মহকুমা, জিলাত খেল মহাৰণ আয়োজন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰকীৰ । য'ত ৬০ লাখ লোকে ভাগ ল'ব । সমষ্টি, জিলা পৰ্যায়তো হ'ব খেল । ৰাজ্যত সাংস্কৃতিক প্ৰতিযোগিতা আয়োজন কৰাৰো পৰিকল্পনা কৰা হৈছে । লগতে বিভিন্ন জনজাতীয় নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
এমাহৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হ'ব মহকুমা আৰু মহকুমাধিপতি । মহকুমাৰ পৰিৱৰ্তে উপজিলা গঠন কৰা হ'ব প্ৰতিখন জিলাতে । মহকুমাধিপতিৰ পৰিৱৰ্তে অতিৰিক্ত আয়ুক্ত থাকিব । ৰাইজে নিজৰ সমষ্টিতে সকলো সুবিধা পাব । সমস্যাৰ সমাধানৰ বাবে সমষ্টিৰ বাহিৰলৈ যাব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।