অসম

assam

ETV Bharat / state

ASTC employees fired: একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে; অনিৰ্দিষ্ট কাললৈ নচলিব বাছ ! - ASTC workers called bandh on Thursday

হঠাৎ ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে অসম পৰিবহন নিগমে ৷ অকস্মাৎ চাকৰি হেৰুৱাই দিশহাৰা পৰিছে এইসকল কৰ্মচাৰী ৷ অনিৰ্দিষ্ট কাললৈ বাছ চলাচল বন্ধ ৰখাৰ হুংকাৰ (ASTC employees fired from Job) ৷

ASTC employees fired
Protest in Guwahati ASTC office

By

Published : May 31, 2023, 7:16 PM IST

একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে

গুৱাহাটী, ৩১ মে’: পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ত বুধবাৰে হঠাৎ সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতি । কৰি থকা চাকৰিটো হঠাৎ হেৰুৱাই দিশহাৰা হৈ পৰিছে ৭৭১ জন কৰ্মচাৰী ৷ বুধবাৰে এক নিৰ্দেশমৰ্মে চাকৰিৰ পৰা অব্যাহতি দিয়া হয় এই ৭৭১ জন কৰ্মচাৰীক ৷ তাৰ পাচতেই হাহাকাৰ লাগে অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ত (ASTC employees fired from Job)।

৭৭১ গৰাকী কৰ্মচাৰকী চাটাই কৰাক লৈ পল্টন বজাৰৰ ASTC অফিচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ গৰাকী অস্থায়ী কৰ্মীক বুধবাৰে অব্যাহতি দিয়াৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Protest in Guwahati ASTC office) ।

চাকৰিৰ পৰা অব্যাহতি দিয়া কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ত । কৰ্মচাৰীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি ASTC ৰ বাছ সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ASTCৰ কৰ্মচাৰীসকলে ঘোষণা কৰিছে কৰ্মবিৰতি (ASTC workers called bandh on Thursday)।

ৰাজ্যৰ সকলো বাছ আস্থানৰে ASTCৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিব । অসম ৰাজ্যিক পৰিবহন সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত (ASTC employee fired) ।

উল্লেখ্য যে, অসম ৰাজ্যিক পৰিহন নিগমত ৭৪৭ গৰাকী স্থায়ী কৰ্মীচাৰী থকাৰ লগতে ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰী আছে । ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰীৰ ভিতৰত ৭৭১ গৰাকী কৰ্মচাৰীক নীতিবৰ্হিভূতভাৱে চাকৰি লোৱা বুলি চাকৰিৰ পৰা অব্যাহতি দিয়ে । অব্যাহতি দিয়া কৰ্মচাৰীসকলৰ ভিতৰত ২৯৪ গৰাকী সুৰক্ষা সহায়ক, ২২৭ গৰাকী মেকানিক, ১৪৫ গৰাকী কাৰ্যালয় সহায়ক, ৭৪ গৰাকী কম্পিউটাৰ পদত, ৭ গৰাকী ইঞ্জিনিয়াৰ আৰু ৮১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে ।

লগতে পঢ়ক:SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

হঠাতে চাকৰি হেৰুৱাই এতিয়া মূৰত সৰগ ভাগি পৰিছে এইসকল লোকৰ ৷ ইমান দিনে কৰি অহা চাকৰিৰ পৰা হঠাৎ এখন জাননী দিয়েই অব্যাহতি দিয়া কাৰ্যক যেন কোনেও সহজভাৱে ল’ব পৰা নাই ৷ যাৰ বাবে উপায়ন্তৰ হৈ আন্দোলনৰ পথ বাচি ল’ব লগীয়া হৈছে এইসকল লোকে ৷

ABOUT THE AUTHOR

...view details