অসম

assam

ETV Bharat / state

Road Accidents in Assam : শ‍াৰদীয় দুৰ্গোৎসৱৰ উচাহৰ মাজতে ৰাজ্যত 769 টা পথ দুর্ঘটনা - মৃত্যুঞ্জয় ১০৮ সেৱা

মৃত্যুঞ্জয় ১০৮ সেৱাৰ তথ্য মতে ৰাজ্যত ষষ্ঠীত 105টা, সপ্তমীত 133টা, অষ্টমীত 189টা, নৱমীত 176টা আৰু দশমীত 166টা পথ দুৰ্ঘটনা সংঘটিত হয়। বিগত বৰ্ষৰ তুলনাত এই বছৰ পথ দুৰ্ঘটনাৰ হাৰ প্ৰায় 20 শতাংশলৈ বৃদ্ধি পাইছে।

Road Accidents in Assam
দুৰ্গোৎসৱৰ মাজতে ৰাজ্যত 769 টা পথ দুর্ঘটনা

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 10:14 PM IST

গুৱাহাটী, 25 অক্টোবৰ : পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সজাগতা সৃষ্টিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যত সংঘটিত হ'ল 769 টা পথ দুর্ঘটনা ৷ উৎসৱ-পাৰ্বণ আদিৰ সময়ত ৰাজ্যখনত স্বাভাৱিক সময়তকৈ পথ দুৰ্ঘটনা বৃদ্ধি পোৱাটো নতুন কথা নহয় ৷ কিন্তু শাৰদীয় দুৰ্গোৎসৱত যাতে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি নহয় তাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷

বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি পৰিবহন বিভাগে বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ তাৰ পাছতো দুৰ্গা পূজাৰ সময়ত ৰাজ্যত 769 টা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ অৱশ্যে পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় 108 সেৱাৰ ৷ পথ দুৰ্ঘটনাৰ এই সংখ্যা আৰু অধিক হোৱাটো নিশ্চিত ৷ কাৰণ সকলো পথ দুৰ্ঘটনা মৃত্যুঞ্জয় 108 সেৱাত পঞ্জীয়ন হোৱা নাই ৷ 108 সেৱাৰ যোগেদি 769 টা দুৰ্ঘটনাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হৈছিল ৷

মৃত্যুঞ্জয় 108 সেৱা কৰ্তৃপক্ষই জনোৱা মতে ষষ্ঠীৰ পৰা দশমীলৈ দুৰ্গোৎসৱৰ পাঁচ দিনত ৰাজ্যত সংঘটিত হোৱা মুঠ 769 টা দুৰ্ঘটনাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হয় ৷ ইয়াৰ ভিতৰত ষষ্ঠীত 105 টা, সপ্তমীত 133 টা, অষ্টমীত 189 টা, নৱমীত 176 টা আৰু দশমীত 166 টা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই তথ্য অনুসৰি শাৰদীয় দুৰ্গোৎসৱৰ অষ্টমীৰ দিনা সৰ্বাধিক 189 টা পথ দুৰ্ঘটনা সংঘটিত হয় ৷

লক্ষণীয় বিষয় যে দুৰ্ঘটনা ৰোধৰ চৰকাৰী বিশেষ উদ্যোগৰ পাছতো বিগত বৰ্ষৰ তুলনাত এইবাৰ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায় ৷ বিগত বৰ্ষত দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত 643 টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ সেই হিচাপত বিগত বৰ্ষৰ তুলনাত এইবাৰ পথ দুৰ্ঘটনাৰ সংখ্যা 126 টালৈ বৃদ্ধি পায় ৷ মৃত্যুঞ্জয়-108 সেৱাৰ তথ্য অনুসৰি 2022 চনত দুৰ্গোৎসৱৰ সময়ত ৰাজ্যত ষষ্ঠীৰ দিনা 77 টা, সপ্তমীৰ দিনা 119 টা, অষ্টমীৰ দিনা 128 টা, নৱমীৰ দিনা 172 টা আৰু দশমীৰ দিনা 147 টা দুৰ্ঘটনা সংঘটিত হৈছিল ৷ সেই হিচাপত বিগত বৰ্ষৰ তুলনাত এই বছৰ পথ দুৰ্ঘটনাৰ হাৰ প্ৰায় 20 শতাংশলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক :Major crimes decreasing in Assam: অসমত গুৰুতৰ অপৰাধজনিত ঘটনা হ্ৰাস পাইছে:মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details