নিউজ ডেস্ক, 13 আগষ্ট: ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ দেওবাৰে পুনৰ ৰাজ্যখনত বানৰ ফলত এজন লোকৰ মৃত্যু হয় ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ দৈনিক বান প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই তথ্য ৷ প্ৰতিবেদন প্ৰকাশ কৰা মতে, মৃত লোকজন শিৱসাগৰৰ ৷ ইয়াৰ লগতে ৰাজ্যত চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 12 জনলৈ বৃদ্ধি পাইছে ৷
ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিভাৱে বৰষুণ অব্যাহত থকাৰ বাবে কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধ পাইছে ৷ ধুবুৰী, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিখৌ আৰু নাংলামুৰঘাটত দিচাং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত লগতে প্ৰকাশ কৰা মতে, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ 21 টা ৰাজহ চক্ৰৰ 357 খন গাঁৱৰ 75,209 গৰাকী লোক সম্প্ৰতি বানৰ কৱলত আছে ৷ বানৰ ফলত নষ্ট হৈছে সৰ্বমুঠ 6136.25 হেক্টৰ কৃষিভূমি ৷