গুৱাহাটী, 18 আগষ্টঃ দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিস্থা দিৱস পালন কৰা হয় ৷ ৰাতিপুৱা উক্ত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিজ্ঞানগুৰু বিবেকানন্দ শইকীয়াই৷ এই অনুষ্ঠানত মূখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱাই প্ৰতিস্থা দিৱসৰ স্মাৰক বক্তৃতাটি প্ৰদান কৰে ।
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - গুৱাহাটী
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিজ্ঞানগুৰু বিবেকানন্দ শইকীয়াই ৷
খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
ইয়াৰোপৰি, মহাবিদ্যালয়খনৰ বিভিন্ন অৱাসৰ-নিবাসৰ মাজত অনুষ্ঠিত কৰা হয় শোভাযাত্ৰা প্ৰতিযোগিতা ৷ উক্ত শোভাযাত্ৰাত প্ৰাণ পাই উঠে অসমৰ বৰ্ণিল ইতিহাস, আহোম বুৰঞ্জী, বিহু, পানী সংৰক্ষণ, চন্দ্ৰঅভিযান, মুগা শিল্পৰ ইতিহাসকে আদি কৰি বিভিন্ন বিষয় ৷