চিৰাং,26 জানুৱাৰীঃ চিৰাঙত ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । জিলাখনৰ সদৰ কাজলগাঁওৰ পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ব্ৰহ্মই কয় যে,এন ডি এফ বি শান্তি চুক্তিৰ নামত কোনো চিন্তাৰ কাৰণ নাই ৷ বি টি চি ত নতুন গাঁও অন্তৰ্ভুক্ত নহয় বা সালসলনি নহয় । বৰঞ্চ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলি থকা ১৫ বছৰীয়া শাসনৰ ক্ষেত্ৰত ৰৈ যোৱা আসোঁৱাহসমূহ দুৰ কৰাৰ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে ।
ৰাজ্যজুৰি উদযাপন 71 সংখ্যক গণৰাজ্য দিৱস - আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ
15:35 January 26
চিৰাঙত পতাকা উত্তোলন মন্ত্ৰী চন্দন ব্ৰহ্মৰ
15:35 January 26
ডিমা হাছাওতো পালন গণৰাজ্য দিৱস
ডিমা হাছাও,26 জানুৱাৰীঃ ডিমা হাছাও জিলাত 71 সংখ্যক গণৰাজ্য দিৱস জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় । হাফলং চৰকাৰী বাগান অসম ৰাইফলছৰ খেল পথাৰত 9 বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ দেৱলাল গাৰ্লচাই ৷
15:00 January 26
ধুবুৰীত গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিলৈ বিশেষ বঁটা
ধুবুৰী,26 জানুৱাৰীঃ ধুবুৰীত দেওবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত উদযাপন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । পতাকা উত্তোলনৰ পূৰ্বে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।
পতাকা উত্তোলনৰ পিছত আৰক্ষী,গৃহৰক্ষী বাহিনী আৰু স্কুল-কলেজৰ স্কাউট-গাইডৰ সামৰিক অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক,লেখিকা,সমাজকৰ্মী আৰু তিনিজনকৈ সংবাদকৰ্মীক বিশেষ বঁটা প্ৰদান কৰে মন্ত্ৰী চৌধুৰীয়ে । শান্তিপূৰ্ণভাৱে ধুবুৰীত উদযাপন কৰা হয় গণৰাজ্য দিৱস ৷
14:29 January 26
তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণৰ পতাকা উত্তোলন
তিনিচুকীয়া,২৬ জানুৱাৰীঃ তিনিচুকীয়াতো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় গণৰাজ্য দিৱস ৷ দেওবাৰে পুৱা ৯ বজাত তিনিচুকীয়া আই টি আই খেলপথাৰত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ নৱ নিৰ্বাচিত চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে ।
14:14 January 26
তামুলপুৰত মহকুমাধিপতিৰ পতাকা উত্তোলন
বাক্সা,26 জানুৱাৰীঃ বাক্সাৰ তামুলপুৰৰ মহকুমা প্ৰশাসনৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন । গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুসৰি মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীয়ে ৷ পেৰেডত অংশগ্ৰহণ কৰে তামুলপুৰ থানাৰ আৰক্ষীসকলৰ লগতে স্থানীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৷ সাংস্কৃতিক কাৰ্য্যসূচীত ৰাভা,বড়ো কৃষ্টি দলৰ নেতৃত্বৰ সমাহাৰ পৰিলক্ষিত হয় ।
13:51 January 26
গোলাঘাটত গণৰাজ্য দিৱসত শ্বহীদক শ্ৰদ্ধাঞ্জলী উপায়ুক্তৰ
গোলাঘাট,26 জানুৱাৰীঃ গোলাঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই । পতাকা উত্তোলনৰ পূৰ্বে গোলাঘাট সদৰ আৰক্ষী থানাত শ্বহীদ কুশল কোঁৱৰক ইংৰাজে আটক কৰি ৰখা কক্ষত ৰখা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
13:37 January 26
কৰিমগঞ্জত উপায়ুক্তৰ পতাকা উত্তোলন
কৰিমগঞ্জ,26 জানুৱাৰীঃ কৰিমগঞ্জতো পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীত জিলা উপায়ুক্ত আম্বামুথান এম পি য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ উপায়ুক্ত গৰাকীয়ে অসমৰ শ্বহীদসকলক সোঁৱৰণ কৰি চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিৱৰণ দাঙি ধৰে ৷
13:07 January 26
মৰিগাঁৱৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি মন্ত্ৰী পিয়ুস হাজৰিকা
মৰিগাঁও,26 জানুৱাৰীঃ মৰিগাঁৱত উলহ-মালহেৰে ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷ জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই । পোনতে মন্ত্ৰী হাজৰিকাই মৰিগাঁওৰ গান্ধী ভৱন প্ৰাংগণত থকা গান্ধীৰ আবক্ষ মূৰ্তি,মতিৰাম বৰা আৰু উপায়ুক্ত কাৰ্যালয়ত থকা তিনি মুক্তিযুঁজাৰু ক্ৰমে শ্বহীদ তিলক ডেকা,হেমৰাম পাতৰ,গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছতে আৰক্ষী,অৰ্ধ সামৰিক বাহিনী,এন চি চি আৰু স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰি মৰিগাঁওৰ সন্তান হোৱা সূত্ৰে গৌৰৱান্বিত বুলি মন্তব্য প্ৰকাশ কৰে ৷
13:05 January 26
শিৱসাগৰত গণৰাজ্য দিৱসত উপস্থিত নৱনিৰ্বাচিত মন্ত্ৰী যোগেন মহন
শিৱসাগৰ,26 জানুৱাৰীঃ শিৱসাগৰৰ বর্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে নৱ নিৰ্বাচিত মন্ত্ৰী যোগেন মহনে । অসম চৰকাৰৰ গড়কাপ্তানি,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত অনাগত সময়ত অধিক গুৰুত্ব আৰোপ কৰিব বুলি ভাষণত উল্লেখ কৰে ৷
12:42 January 26
নলবাৰীত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ
নলবাৰী,26 জানুৱাৰীঃ নলবাৰীতো উদযাপন ৭১ সংখ্যক গণৰাজ্য দিৱস । নলবাৰীৰ আৰক্ষী অধীক্ষকৰ ছাউনীৰ খেলপথাৰত আয়োজিত জিলা প্ৰশাসনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মন্ত্ৰী ভৱেশ কলিতাই । মন্ত্ৰী গৰাকীক পেৰেডেৰে স্কুল-কলেজৰ ছাত্র-ছাত্ৰীৰ লগতে আৰক্ষীয়ে অভিবাদন জ্ঞাপন কৰে ।
12:15 January 26
ওদালগুৰিত পতাকা উত্তোলন মন্ত্ৰী ৰিহণ দৈমাৰীৰ
ওদালগুৰি,26 জানুৱাৰীঃ ওদালগুৰি জিলা সদৰতো উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতাক স্মৰণ কৰি গণৰাজ্য দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ৷ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।
ইয়াৰ পিছত আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ২২ টাকৈ দলে পেৰেড প্ৰদৰ্শন কৰি দৰ্শকক অভিভূত কৰি তোলে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ প্ৰকল্প প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় ৷
11:51 January 26
ধেমাজিত উলহ-মালহেৰে পালন গণৰাজ্য দিৱস
ধেমাজি,২৬ জানুৱাৰীঃ ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত কটকটীয়া নিৰাপত্তাৰ মাজত উলহ-মালহেৰে পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ ধেমাজিৰ কাছাৰী ময়দানত পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণ কৰে ধেমাজিৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰে ৷ ইয়াৰ পিছত ৰাইজক উদ্দেশ্যি চৰকাৰী উন্নয়নমূলক আঁচনি সম্পৰ্কত ভাষণ দাঙি ধৰে উপায়ুক্তগৰাকীয়ে ।
11:29 January 26
হাইলাকান্দিত উপায়ুক্তৰ পতাকা উত্তোলন
হাইলাকান্দি,26 জানুৱাৰীঃ হাইলাকান্দিৰ নেতাজী সুভাষ চন্দ্ৰ ষ্টেডিয়ামত চৰকাৰীভাৱে আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত কীর্তি জলীয়ে ৷ এই কাৰ্যক্ৰমত বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । জিলা উপায়ুক্ত গৰাকীয়ে চৰকাৰী বিভাগৰ বিভিন্ন আঁচনি সৰ্ম্পকে ৰাইজক অৱগত কৰে ৷
11:12 January 26
লখিমপুৰত গণৰাজ্য দিৱসত মুক্তিযুঁজাৰুক সম্বৰ্ধনা
লখিমপুৰ,26 জানুৱাৰীঃ লখিমপুৰ জিলাত কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী দলেই ভাৰত আৰু অসম চৰকাৰে গ্ৰহণ কৰা কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে অনুষ্ঠানত বাৰেৰহণীয়া কাৰ্যসূচী প্ৰদৰ্শিত হয় ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰৰ মুক্তিযোদ্ধাৰ লগতে বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় ৷
10:52 January 26
গণৰাজ্য দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলী কাননত উপস্থিত মুখ্যমন্ত্ৰী
গুৱাহাটী,26 জানুৱাৰীঃমহানগৰীতো পালন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
অসমৰ সৰ্বাংগীণ উন্নতিৰ বাবে কাম কৰি যোৱাৰ লগতে ভাৰতৰ বুকুত অসমক এক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বুকুত বান্ধিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ৷ গণৰাজ্য দিৱসৰ পুৱা ৰাজ্যত সংঘটিত বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এয়া কাপুৰুষালী বুলি মন্তব্য প্ৰকাশ কৰে । লগতে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷
10:48 January 26
গোৱালপাৰাত পতাকা উত্তোলন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
গোৱালপাৰা,26 জানুৱাৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গোৱালপাৰাতো উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । গোৱালপাৰা চহৰৰ জে টি এচ খেলপথাৰত উদযাপন কৰা হয় এইবৰ্ষৰ গণৰাজ্য দিৱস ৷
10:41 January 26
দৰঙত পতাকা উত্তোলন মন্ত্ৰী চুম ৰংহাঙৰ
দৰং.26 জানুৱাৰীঃ দৰঙৰ কাছাৰী মৈদানত ৭১ তম গণৰাজ্য দিৱসত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাং । মঙলদৈত পুৱা ন বজাত উপস্থিত হৈ পতাকা উত্তোলনেৰে মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰে ৷
10:13 January 26
গণৰাজ্য দিৱস উপলক্ষে কলগাছিয়াত মাৰাথান দৌৰ প্ৰতিযোগিতা
জনিয়া,26 জানুৱাৰীঃ ৭১তম গণৰাজ্য দিৱস উপলক্ষে জনিয়াত অনুষ্ঠিত ১০ কিলোমিটাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা । কে.বি.এছ.ই.ই.ডি ছ’চাইটিৰ উদ্যোগত পুৱা পাঁচ বজাত কলগাছিয়াৰ পৰা জিলা ভিত্তিত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখন উদ্বোধন কৰে নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰবক্তা ড৹ ফখৰুল আলমে ।
09:49 January 26
বৰপেটাত পতাকা উত্তোলন উপায়ুক্তৰ
বৰপেটা, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে বৰপেটাতো পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷