অসম

assam

ETV Bharat / state

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত  71 সংখ্যক গণৰাজ্য দিৱস

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ লগতে 71 সংখ্যক গণৰাজ্য দিৱসত বিশেষ ভাৱে সম্বৰ্ধণা জনোৱা হয় 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা 5 গৰাকী কৈ ব্যক্তিক ৷

71 Republic day at Khanapara veterinary college field
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত  71 সংখ্যক গণৰাজ্য দিৱস

By

Published : Jan 26, 2020, 3:08 PM IST

গুৱাহাটী,26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উদযাপন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ আন সমুহ জিলাৰ লগতে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ বিভিন্ন অনুষ্ঠানৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৷ পতাকা উত্তোলন কৰি নিজৰ ভাষণত ৰাজ্যপাল গৰাকীয়ে কয় যে, আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব য’ত দৰিদ্ৰতা, নিবনুৱা সমস্যা নাথাকিহ ৷ ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া লোক সকলৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ" ৷ ইয়াৰ উপৰিও ৰাজ্যপাল গৰাকীয়ে ভাষণত উল্লেখ কৰে যে, যোৱা তিনি বছৰ ছয় মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছো ৷ অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ ৰূপায়ণৰ জোৰ দিয়াটোৱেই ইয়াৰ উদ্দেশ্য আৰু নীতিক প্ৰতিফলিত কৰে ৷

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 71 সংখ্যক গণৰাজ্য দিৱসত ৰাজ্যপালৰ ভাষণ

ইয়াৰ উপৰিও ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে যে, বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ’ব ৷ ইয়াৰ বাবে অতি শীঘ্ৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা হ’ব ৷ লগতে অসম সাহিত্য সভাক 10 কোটি টকা, বড়ো সাহিত্য সভাক 5 কোটি টকা আৰু অন্যান্য 20 খন সাহিত্য সভাৰ প্ৰতিখনলৈ 3 কোটি টকাকৈ অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ শেষত ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে, জাতি মাটি আৰু ভেটিৰ শ্লোগান আমাৰ বাবে কেৱল শ্লোগানেই নহয়, এইটো এটা সংকল্প ৷ এই সংকল্পত আমি অটল ৷ 804 গৰাকী শ্বহীদৰ প্ৰতিটো পৰিয়ালক 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে ৷

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 71 সংখ্যক গণৰাজ্য দিৱস

বিভিন্ন অনুষ্ঠানৰ মাজতে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা 71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শন কৰা হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-প্ৰদৰ্শন কৰা সংস্কৃতি ৷

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 71 সংখ্যক গণৰাজ্য দিৱস

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা 71 সংখ্যক গণৰাজ্য দিৱসত বিশেষ ভাৱে সম্বৰ্ধণা জনোৱা হয় 2020 বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা 5 গৰাকীকৈ ব্যক্তিক ৷ সম্বৰ্ধণা জনায় ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

2020 বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা 5 গৰাকীক সম্বৰ্ধণা


ইয়াৰ উপৰিও 2019 বৰ্ষত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰা আৰক্ষী বিষয়া তথা জোৱান সকলক এই সন্মান প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰা আৰক্ষী বিষয়া তথা জোৱান সকলক বঁটা প্ৰদান

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জৰ সীমান্তত হাই এলাৰ্ট জাৰি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details