অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন - গুৱাহাটী

এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’লে পাঁচ বছৰত পাঁচ লাখ নিৱনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব । কংগ্ৰেছৰ এই চাকৰি গেৰাণ্টিয়ে লাভ কৰিছে বিশেষ সঁহাৰি । এই মন্তব্য শীৰ্ষ কংগ্ৰেছ নেতৃত্বৰ ৷

70-thousand-people-name-registered-in-congress-job-guarantee
কংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন

By

Published : Mar 12, 2021, 10:10 PM IST

গুৱাহাটী,12 মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰাৰ উদ্দেশ্যে কংগ্ৰেছে মুকলি কৰা পাঁচটা গেৰাণ্টিৰ ভিতৰত চাকৰি গেৰাণ্টিয়ে ল‍াভ কৰিছে বিশেষ সঁহাৰি । মুকলিৰ লগে লগে 70 হাজাৰতকৈ অধিক পঞ্জীয়ন হৈছে চাকৰি গেৰাণ্টিত ।

কংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন

উল্লেখ্য যে, কংগ্ৰেছে ঘোষণা কৰা চাকৰি গেৰাণ্টিত পাঁচ বছৰত পাঁচ লাখ চাকৰি দিয়াৰ কথা উল্লেখ কৰিছে । ইয়াৰ বাবে মুকলি কৰা www.Congressor5Guarantee.in ৱেবচাইটত এতিয়ালৈকে পঞ্জীয়ন কৰিছে 70 হাজাৰতকৈও অধিক নিবনুৱাই ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, ‘‘অসম এতিয়া উন্নয়নশীল ভৱিষ্যতৰ দিশে । ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানক আন্তৰিকতাৰে সমৰ্থন জনাইছে । এতিয়ালৈকে 70 হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়নভুক্ত হৈ তেওঁলোকৰ কংগ্রেছ দলৰ প্ৰতি বিশ্বাস আৰু আস্থা প্ৰদৰ্শন কৰিছে’’ ।

আনহাতে বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ‘‘এতিয়ালৈকে 70 হাজাৰৰো অধিক লোকে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰি কংগ্রেছ দলৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে । অসমৰ যুৱকসকলে এতিয়া কংগ্রেছ দলৰ চৰকাৰ অহাৰ বাবে অপেক্ষাৰত ।

চাকৰি গেৰাণ্টি সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ‘‘অসমৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যেৰে কংগ্ৰেছে লোৱা চাকৰি গেৰাণ্টি অভিযানত হোৱা পঞ্জীয়নে কংগ্রেছৰ উন্নয়নশীল দৃষ্টিভংগীক সমৰ্থন কৰাতোকেই প্ৰমাণ কৰিছে’’ ৷

ঠিক একেদৰে, কংগ্রেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে,‘‘কংগ্ৰেছে অসমৰ উন্নয়নৰ পথ মুকলি কৰিব আৰু যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰিব । 70 হাজাৰৰো অধিক পঞ্জীয়নে ইংগিত বহন কৰিছে যে এইবাৰ কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব’’ ৷

কংগ্রেছৰ প্ৰচাৰ কমিটীৰ অধ্যক্ষ তথা বিধায়ক ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে, ‘‘কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানৰ প্ৰতি যুৱক-যুৱতীসকলে সন্মান জনাইছে । আগবাঢ়ি আহক আৰু সমৃদ্ধিশালী অসম নিশ্চিত কৰক’’ ।

কংগ্রেছৰ মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ তথা সাংসদ আব্দুল খালেকৰ ভাষ্য অনুসৰি, ‘‘কংগ্রেছৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস প্ৰদৰ্শন কৰিছে’’ ।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে প্ৰতিশ্ৰুতি দিয়াটো কোনো নতুন কথা নহয় । শাসনৰ বাঘজৰী লাভৰ পাচত সেই দলৰ চৰকাৰখনে সকলো প্ৰতিশ্ৰুতি পাহৰি যোৱাটোও পুৰণি কথা । তেনেস্থলত কংগ্ৰেছৰ গেৰাণ্টি কিমান দূৰ ফলপ্ৰসু হ’ব সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক :ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ

ABOUT THE AUTHOR

...view details