অসম

assam

ETV Bharat / state

ষট পূজা উপলক্ষে অসমৰ পৰা চলিব ৭খনকৈ বিশেষ ৰে'ল

ষট পূজা উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে হাতত লৈছে এক বিশেষ পদক্ষেপ। যাত্ৰীৰ সুবিধাৰ্থে অসমৰ পৰা পুণৰ ৭খনকৈ নতুন পূজা বিশেষ ৰে'ল চলিব।

By

Published : Nov 16, 2020, 10:16 PM IST

as_01_puja_special_train_as10002
ষট পূজা উপলক্ষে অসমৰ পৰা চলিব ৭খনকৈ বিশেষ ৰে'ল

গুৱাহাটী, 16 নৱেম্বৰঃ ষট পূজা উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই হাতত লৈছে এক বিশেষ পদক্ষেপ। যাত্ৰীৰ সুবিধাৰ্থে বিশেষ দুৰণীবটীয়া ৰে'ল চলাচল কৰাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। অসমৰ পৰা পুনৰ ৭খনকৈ নতুন পূজা বিশেষ ৰে'ল চলিব । গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় আদি স্থানৰ পৰা এই বিশেষ ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

ষট পূজা উপলক্ষে অসমৰ পৰা চলিব ৭খনকৈ বিশেষ ৰে'ল

যাত্ৰীসকলে ক'ভিড প্ৰটকল মানি যাত্ৰা কৰিব পাৰিব এই ৰে'লসমূহত। ইফালে বৰ্তমানলৈ স্থানীয় কোনো যাত্ৰীবাহী ৰে'ল চলোৱাৰ সিন্ধান্ত লোৱা নাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষই। ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষেহে স্থানীয় ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিব ৰে'ল বিভাগে।

লগতে পঢ়ক-কালীপূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details