অসম

assam

By

Published : Aug 16, 2020, 7:04 PM IST

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

5টকা মাননি লোৱা চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান আৰু নাই !

অতিকে কৰ্মনিষ্ঠ ডাঃ ভি থিৰুভেনগাদান, যাক সমগ্ৰ দেশেই ভ্যাসাৰপড়ীৰ পাঁচ-টকীয়া চিকিৎসক হিচাপে চিনি পাইছিল, চেন্নাইৰ দক্ষিণ ৰে'লৱে চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰখ্যাত চিকিৎসকগৰাকীয়ে ৷

সুশান্তৰ আত্মহত্যাক মানি ল'ব পৰা নাই দিলজিৎ দোচাঞ্জে

টুইটাৰযোগে এজন অনুৰাগীক প্ৰত্যুত্তৰ দি কণ্ঠশিল্পী তথা অভিনেতা দিলজিৎ দোচাঞ্জে কয় যে, সুশান্তৰ আত্মহত্যাক এতিয়াও বিশ্বাস আৰু হজম কৰিব পৰা নাই ৷ জীয়াই থকা কালত মাত্ৰ দুবাৰেই সুশান্তক লগ পাইছিল তেওঁ ৷

ধুবুৰীত পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু

ধুবুৰী জিলাখনত ক’ভিড ৰোগীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আঠ জনলৈ বৃদ্ধি ৷ কৰ‘ণা ভাইৰাছৰ দ্বাৰা এই প্ৰযন্ত ধুবুৰীত দুহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ৷

মৰাণত ৰাইজৰ শ্ৰম দানেৰে মেৰামতি পথ

স্বাধীনতাৰ আনন্দ উল্লাসক আওকাণ কৰি ৰাইজে মেৰামতি কৰিলে মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মৰাণ নিতাই সংযোগী এটা অতি ব্যস্ত পথ ৷

ক'ভিড-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত 2,16,17,761 তকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ একেদৰে বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা 7,69,004 গৰাকী ৷ ইয়াৰ সমান্তৰালভাবে সমগ্ৰ বিশ্বজুৰি বৰ্তমানলৈ 1,43,33,897 গৰাকী লোক এই ভাইৰাছবিধৰ পৰা মুক্ত হৈছে ৷

কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতত উজলিল ভাৰতৰ ত্ৰিৰংগা

ক’ভিড-19 মহামাৰীৰ সংক্ৰমণৰ মাজতে ইন্দো-কানাডিয়ান সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে 74 সংখ্যক স্বাধীনতা দিৱস ৷ তেওঁলোকে নায়েগ্ৰা জলপ্ৰপাতত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে কাৰ-ৰেলী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰী

বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰি হোৱা বুলি অভিযোগ তুলিচে একাংশ ৰাইজে ৷ অতি শীঘ্ৰে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘোষণাৰ পিচতেই নেশ্বনেল কেডেট ক'ৰে ইয়াৰ অন্তৰ্গত জিলাৰ সংখ্যা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

BTAD ত প্ৰাক নিৰ্বাচনী হিংসাঃ ঘৰৰ ভিতৰত সোমাই প্ৰহাৰ UPPL কৰ্মীক

নিৰ্তানন্দ মিত্ৰৰ পত্নীৰ ভাষ্য অনুসৰি, শনিবাৰে সন্ধিয়া নিৰ্তানন্দ মিত্ৰৰ ঘৰলৈ আহে BPF ৰ চাৰিজন কৰ্মী ৷ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে নিৰ্তানন্দক দলত্যাগৰ ভাবুকি দিয়াৰ লগতে প্ৰাণে মাৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে পত্নীয়ে ।

আৱকাৰী বিভাগে উচ্ছেদ কৰিলে চুলাই মদৰ ভাটী

আৱকাৰী বিভাগে অভিযানকালত বুজন পৰিমাণৰ চুলাই মদ জব্দ ৷ দুজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৱকাৰী বিভাগ ৷

কলগাছিয়াৰ খাৰবাল্লীত সেচ্ছাসেৱী সংগঠনৰ বান সাহাৰ্য বিতৰণ

অগ্ৰণী সেচ্ছাসেৱী সংগঠন তথা পৰাগ কুমাৰ দাস চৰ লাইব্ৰেৰী এণ্ড ৰিচাৰ্জ ছেন্টাৰ নামৰ সেচ্ছাসেৱী সংগঠনৰ টোৰ সদস্য সকলৰ বানাক্ৰান্ত লোক সকলৰ মাজত সাহাৰ্য বিতৰণ কৰে ৷

ABOUT THE AUTHOR

...view details