অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Aug 13, 2020, 7:02 PM IST

জুবিন গাৰ্গক আক্ৰমণ কৰাৰ ঘটনাত কংগ্ৰেছ দল জড়িত

জুবিন গাৰ্গক আক্ৰমণ কৰাৰ ঘটনাত যিগৰাকী হীৰকজ্যোতি ৰাজবংশী নামৰ লোক জড়িত হৈ আছে তেওঁ NSUI ৰ কামৰূপ জিলাৰ উপ-সভাপতি ৷ সেয়ে এই ঘটনাত কংগ্ৰেছ দল জড়িত হৈ আছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পদক

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ 'Excellence in Investigation Medal' ঘোষণা ৷ ভাৰতৰ মুঠ 121 জন আৰক্ষী বিষয়াক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ বাবে এই বিশেষ পদক ৷

ভেদভাৱ নকৰাকৈ জম্মু আৰু কাশ্মীৰৰ উন্নয়নক গতি দিয়াটো চৰকাৰৰ উদ্দেশ্যঃ লেফটেনেন্ট গৱৰ্ণৰ মনোজ সিংহা

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালে স্থানীয় নিকায় প্ৰতিনিধি সকলক ক‘ভিড-19 ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান সমূহৰ সমাধানৰ ক্ষেত্ৰত নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনায় ৷

চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ: বন কৰ্মীক নিলম্বন

অভিযোগ অনুসৰি বনাঞ্চলিক বিষয়া মুছাহাৰী পূৰ্বে বিটিচিৰ উপ মুখ্য তথা বন বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ ঘনিষ্ঠ ৷ তদুপৰি মুছাহাৰীৰ নিযুক্ত অবৈধ আছিল বুলিও এক অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ফ্ল'ৰ টেষ্টৰ পৰিকল্পনাত অতল গেহলট চৰকাৰ

ৰাজস্থানৰ পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলট আৰু তেখেতৰ শিৱিৰে কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতো ৰাজস্থানত অশোক গহলোতৰ নেতৃত্বাধীন চৰকাৰে আগন্তুক 14 আগষ্টত হ'বলগীয়া বিশেষ বিধানসভা অধিৱেশনত ফ্ল'ৰ টেষ্ট কৰাৰ পৰিকল্পনাত অটল হৈ আছে ৷

ৰাজস্থানত যুৱকৰ হাতত ধৰ্ষিতা 5 বছৰীয়া শিশু

ৰাজস্থানৰ বাৰনা জিলাত এগৰাকী 19 বছৰীয়া যুৱকে 5 বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

বাক্সাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব 74 সংখ্য়ক স্বাধীনতা দিৱস

অন্য জিলাৰ লগতে বাক্সা জিলাতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ব দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ জিলাখনৰ সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় তথা বিদ্যালয়-মহাবিদ্য়ালয়ত সামাজিক দূৰত্ব আৰু স্বাস্থ্যবিধি মানি স্বাধীনতা দিৱস পালন কৰিবলৈ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে ৷

যোৰহাটত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

মাইক্ৰ'ফাইনেন্স কোম্পানী বন্ধ কৰাৰ লগতে কেইবাগৰাকীও কাৰাবন্দী হৈ থকা নেতাক বিনাচৰ্তে মুক্তি প্ৰদান কৰাৰ দাবীৰে বুধবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷

তৃণমূল কংগ্ৰেছৰ এগৰাকী নেত্ৰীৰ ১০ বছৰীয়া পুত্ৰ সন্তানৰ মৃতদেহ উদ্ধাৰ

তৃণমূল কংগ্ৰেছৰ নেত্ৰী আয়েশা বিবিৰ ১০ বছৰীয়া পুত্ৰ সন্তান ওমাৰ ফাৰুকৰ মৃতদেহ উদ্ধাৰ । বুধবাৰে পশ্চিম বংগৰ মালডা জিলাৰ আমলিতলা গাঁৱৰ পৰা প্ৰায় দুই কিমি দূৰত্বত উদ্ধাৰ হৈছে শিশুটোৰ মৃতদেহটো । ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুজন লোকক ।

বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্ট পৰ্যন্ত বৃদ্ধি 144 ধাৰা

ডিজে হল্লী আৰু কেজি হল্লী আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত অঞ্চললৈকে চি আৰ পি চিৰ ধাৰা 144 বলবৎ থকাৰ সময়সীমা 15 আগষ্টৰ পুৱা 6 বজালৈকে বৃদ্ধি কৰা হৈছে ৷ বাংগালোৰৰ আৰক্ষী আয়ুক্ত কমল পন্থে বুধবাৰে এই কথা সদৰি কৰে ৷

ABOUT THE AUTHOR

...view details