অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Aug 6, 2020, 7:13 PM IST

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ প্ৰদান আন্তৰ্জাতিক সন্মান

সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্বৰ প্ৰায় ১৯২খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত হৈছিল আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা "আৰ্থ ডে নেটৱৰ্ক"। চলিত বৰ্ষত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ দুলু বৰাই লাভ কৰিবলৈ সক্ষম হৈছে এই বিশেষ আন্তৰ্জাতিক সন্মান ৷

এখন ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকা আৰু ইয়াৰ ইতিহাস

দেশ স্বাধীন হোৱাৰ সাতটা দশক উকলিল । দেশৰ স্বাধীনতাৰ হকে বহুতেই প্ৰাণ আহুতি দিলে । বহুতেই দেশৰ হকে নিঃস্বাৰ্থভাবে কাম কৰি গ'ল । কিন্তু নিজৰ দেশ মাতৃক কোনে কিমান ভাল পায় তাৰেই এক জ্বলন্ত উদাহৰণ আজিও জিলিকি আছে ধুবুৰীৰ গৌৰীপুৰত । গৌৰীপুৰৰ মণ্ডল পৰিয়াল আৰু এখন খাদী কাপোৰৰ ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকাই কৈ যায় ইতিহাসৰ বহু কথা ৷

জোনাই কৃষি কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ তলাবন্ধ কাৰ্যসূচী ৰূপায়ন

বৃহস্পতিবাৰে ধেমাজি জিলাৰ জোনাইত জোনাই মহকুমা ছাত্ৰ সন্থাই তলাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ জোনাই কৃষি কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ কৃষক সকলক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ সংগঠনটোৰ ৷ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ ৷

চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল'লে বেনত বঞ্চিত শিক্ষকে

আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰিব নোৱাৰাৰ ফলত মৃত্যুক সাৱটি ল'লে সুদীৰ্ঘ 27 বছৰে বিনা বেতনে শিক্ষাদান কৰি অহা খুমটাইৰ এগৰাকী শিক্ষকে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনা বেতনে নিজৰ সৰ্বস্ব ত্যাগ কৰি অহা এনে শিক্ষকসকলৰ ওপৰত সু-দৃষ্টি পৰিবনে অসম চৰকাৰৰ ?

উত্তৰাখণ্ডত ডাৱৰৰ বিস্ফোৰণ: আকাশমাৰ্গেৰে চলিচে উদ্ধাৰ অভিযান

বুধবাৰে উত্তৰাখণ্ডত হোৱা ডাৱৰৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনত বহ সংখ্যক গাঁও ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে । আকাশমাৰ্গেৰে অভিযান চলাই আহত সকলক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

কাজিৰঙাক বিশ্ববাসীৰ সন্মুখত তুলি ধৰা ড৹ ৰবীন বেনাৰ্জীৰ কথাৰে

কাজিৰঙাক বিশ্ববাসীৰ মাজত চিনাকী কৰাই দিয়া ৰবীন বেনাৰ্জীক বাৰু আপুনি জানেনে ? বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ ,তথ্যচিত্ৰ নিৰ্মাতা পদ্মশ্ৰী ড৹ ৰবীন বেনাৰ্জীৰ আজি 17 সংখ্যক মৃত্যু তিথি ৷

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যা

কাহানী ঘৰ ঘৰ কী সহিত বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যা ৷ মুম্বাই মলাডস্থিত বাসগৃহত ফেনত চিপ লৈ থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ৷ জানিব পৰা মতে, প্ৰায় দুদিন পূৰ্বে সমীৰ শৰ্মাৰ মৃত্যু হৈছিল আৰু সেয়ে তেওঁৰ মৃতদেহৰ পৰা দুৰ্গন্ধ বাহিৰ হৈছিল আৰু দুৰ্গন্ধ পোৱাৰ পিছতে সন্দেহ কৰি আৰক্ষীক খবৰ দিছিল তেওঁৰ ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে ৷

কৰিমগঞ্জত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

দীৰ্ঘ দিন ধৰি অনিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থাত ক্ষুব্ধ হৈ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৰাইজে ৷ অতি শীঘ্ৰে নিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

২০২১ ৰ নিৰ্বাচন: বিজেপিৰ নৱঘোষিত ৰাজ্যিক সমিতিৰ লক্ষ্য

ৰাজ্যিক বিজেপিৰ আভ্যন্তৰত লবীকেন্দ্ৰীক ৰাজনীতি চলি থকাৰ অভিযোগ খণ্ডন নৱ-নিৰ্বচিত উপসভাপতি জয়ন্ত দাসৰ ৷ 2021 ৰ বিধানসভা নিৰ্বাচন পৰিচালনা কৰাৰ গুৰু দায়িত্বভাৰ থাকিব নৱ নিৰ্বাচিত এই সমিটি খনৰ ওপৰত ৷

বুলবুল খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ছাত্র মুক্তিৰ সংবাদমেল

আপোচহীনভাৱে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ বাবেই বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জেহেৰুল ইছলাম ওৰফে বুলবুল খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷

ABOUT THE AUTHOR

...view details