অসম

assam

ETV Bharat / state

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ - 7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7 PM TOP TEN NEWS
7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

By

Published : Jul 28, 2020, 7:02 PM IST

COVID19ত আক্ৰান্ত উপাধ্যক্ষ আমিনুল হক লস্কৰ

অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ উপাধ্যক্ষগৰাকীৰ স্বাৱ পৰীক্ষাৰ পিছত আজি তেওঁৰ ফলাফল প'জিটিভ আহে ৷ উপাধ্যক্ষ গৰাকীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হ'ব শিলচৰ মেডিকেল কলেজ হাস্পতালত ৷

বঙাইগাঁৱৰ চিকিৎসালয়ত তেজৰ ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ উত্থাপন

বঙাইগাঁৱত প্ৰায় এক ইউনিট অৰ্থাৎ এক বটল তেজৰ চৰকাৰী মূল্য 1,050 টকাৰ সলনি ৰোগীয়ে দালালৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে 8,000-10,000 টকাত ৷ তদুপৰি তেজৰ গ্ৰুপ অনুসৰি এই মূল্য বৃদ্ধি হয় 12,000-13,000 টকালৈকে ৷ কিন্তু সকলো জানিও এইক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ৷ ৰোগীৰ লগতে ৰোগীৰ পৰিয়ালবৰ্গই উত্থাপন কৰে এই অভিযোগ ৷ জিলাখনৰ একাংশ নাৰ্চিংহোমৰ লগতে আৰু অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত ৰোগীৰ প্ৰয়োজনীয়তাৰ সুযোগ গ্ৰহণ কৰি অব্যাহত আছে তেজৰ ছিণ্ডিকেট ৷

25% দৰ্শনাৰ্থীৰে ছবিগৃহ পুনৰ খোলাৰ সম্ভাৱনা !

চিনেমা হলৰ স্বত্বাধিকাৰী সকলে 40 শতাংশ দৰ্শকৰ উপস্থিতিৰ অনুমতি বিচাৰিছে ৷ এতিয়ালৈ নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা নাই কোনো এটা পক্ষ ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে মালিক সকলৰ মাজত এক আলোচনা অব্যাহত ৰাখিছে যাতে 25% দৰ্শনাৰ্থী লৈ এই ছবি গৃহ সমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পাৰে ৷ অৱশ্যে মালিকসকলে 40% দৰ্শকেৰে ছবি গৃহ চলোৱাৰ অনুমতি বিচাৰিছে যদিও এই মুহূৰ্তত কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৷

কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

কৰ'ণাই বিপদ মাতিছে ৰাজ্যৰ একাংশ শিক্ষিত যুৱকৰ জীৱনলৈ ৷ বহিৰাজ্যত কৰ্মৰত যুৱক নিজ ঘৰলৈ ঘূৰি আহি হৈ পৰিছে এতিয়া কৰ্ম সংস্থাপনহীন ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ চি ব্লক গাঁৱৰ যুৱকসকল এনে সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ গাঁওখনৰ অৰ্ধ শতাধিক যুৱক বহিৰাজ্য চেন্নাইৰ কোম্পানীত বিগত কিছুবছৰৰ পৰা নিয়োজিত হৈ আছিল ৷ কোম্পানীত কাম কৰিয়েই গাঁৱত থকা তেওঁলোকৰ পৰিয়ালকো পোহপাল দি আহিছিল এই যুৱকসকলে ৷ কিন্তু,কৰ'ণা মহামাৰীয়ে এই যুৱকসকলৰ লগতে পৰিয়ালসমূহলৈও তীব্ৰ সংকট কঢ়িয়াই আনিছে ৷

পদপথলৈ ওলাই আহিল লক ডাউনে জুৰুলা কৰা এগৰাকী শিল্পী

নলবাৰী পদপথত শিল্পী চামচেৰ আলী ৷ ট্ৰেইনত গীত গাই টকা উপাৰ্জন কৰা বিশেষভাৱে সক্ষম এইগৰাকী শিল্পীৰ নাজল নাথল অৱস্থা কৰিছে লক ডাউনে ৷ অৱশেষত উপায়ন্তৰ হৈ নলবাৰীৰ পদপথলৈ ওলাই আহি গীত জুৰিলে শিল্পীগৰাকীয়ে ৷

ৰঙিয়া ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

মঙলবাৰে আকস্মিকভাৱে ৰঙিয়া ৰে’ল ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ষ্টেচনটোত আৱদ্ধ যাত্ৰীসকলে সৃষ্টি কৰে এই পৰিৱেশ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বেংগালুৰুৰ পৰা ৰাজ্যলৈ অহা এখন শ্ৰমিক এক্সপ্ৰেছ ৰে’লৰ প্ৰায় দুই শতাধিক যাত্ৰীয়ে ষ্টেচনটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ উত্থাপিত অভিযোগ অনুসৰি,ৰঙিয়াৰ পৰা ওদালগুৰি অভিমুখে যাবলগীয়া যাত্ৰীসকলে বাছ নাপায় এইদৰে ক্ষুব্ধ হৈ পৰে ৷

বেকাজান নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে অসম-নাগালেণ্ড সীমান্ত

মঙলবাৰে তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্ত বেকাজান নদীৰ পানীয়ে পুনৰ প্লাৱিত কৰি তোলে 5 খনকৈ গাঁও ৷ লগতে,পানীয়ে বুৰাই পেলাইছে বেকাজান আৰক্ষী চকী ৷ যাৰফলত জহি-খহি যোৱা আৰক্ষী চকীখন এৰি আৰক্ষীৰ লোকে আশ্ৰয় ল'ব লগা হৈছে বজাৰ গৃহত ৷ তিতাবৰ মহকুমা প্ৰশাসনক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিচতো ৰাইজৰ খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

দীৰ্ঘা নৈৰ অবৈধ খনন বন্ধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

দীৰ্ঘা নদীৰ অবৈধ খননৰ ফলতত মাটি-ভেটিক লৈও সংশয় নামি আহিছে নৈপৰীয়া গাঁওবাসীলৈ ৷ সেয়ে নদীখনৰ কাষৰীয়া দুখন গাঁৱৰ দুই শতাধিক পুৰুষ মহিলা ওলাই আহি খননকাৰ্য বন্ধ কৰিবলৈ তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে ওলাই গৈ দীৰ্ঘা আৰু শুকানজুলিত চলি থকা খনন বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছিল ৷

যোৰহাটত "CAA" বিৰোধিতাৰে সাংস্কৃতিক প্ৰতিবাদ

মহামাৰীৰ মাজতো যোৰহাটত পুনৰ CAA বিৰোধী আন্দোলন ৷ মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যুৱ ছাত্ৰ পৰিষদ,ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু চুতীয়া ছাত্র সন্থাই এই CAA বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে ৷ সমগ্র ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জাতীয় সংগঠনে ।

অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাঙত মানৱ শৃংখল

মঙলবাৰে টিংখাঙত একাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয় ৷ অখিল গগৈক মুক্তি দিয়ক,বিজেপি চৰকাৰ হুচিয়াৰ,বিজেপি গ'বেক,আৰ এছ এছ হুচিয়াৰ,'কা' আমি নামনো আদি শ্লো'গানেৰে বিজেপি চৰকাৰক সমালোচনা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷

লগতে পঢ়ক : পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

ABOUT THE AUTHOR

...view details