অসম

assam

ETV Bharat / state

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ - 7 PM TOP TEN NEWS

7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

7 PM TOP TEN NEWS
7 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

By

Published : Jul 27, 2020, 7:02 PM IST

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং

প্ৰাক্তন ভাৰতীয় বায়ু সেনাবাহিনীৰ বৈমানিকৰ আদৰণি ৰাফেল যুদ্ধ বিমানলৈ । হয় ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰাক্তন গ্ৰুপ কেপ্তেইন তথা বৈমানিক মহন্ত পাংগিঙে অহা 29 জুলাইত ভাৰতৰ মাটিত লেণ্ডিং কৰি বায়ু সেনাৰ অন্তৰ্ভুক্ত হ'ব লগা ৰাফেল যুদ্ধ বিমানলৈ জনালে হেপি লেণ্ডিং । আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত 29 জুলাইত 5খন ৰাফেল বিমানে অৱতৰন কৰিব ।

দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ

1913 চনতেই স্থাপন হোৱা এই আৰক্ষী থানাখনে বহন কৰিছে দেশৰ স্বাধীনতা অন্দোলনৰ বহু সোণালী ক্ষণৰ সাক্ষী ৷ এইখন আৰক্ষী থানাৰ পৰাই পৰাধীন ভাৰতত ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিছিল বৃহত্তৰ নদুৱাৰ অঞ্চল ৷ সময়ছোৱা আছিল স্বাধীনতা আন্দোলৰ কেইবছৰমান পূৰ্বৰ ৷ ব্ৰিটিছৰ শাসনৰ শিকলি ছিঙিবলৈ সমগ্ৰ দেশতেই তেতিয়া উকমুকলি উঠিছিল স্বাধীনতা আন্দোলনৰ ৷ সেইদিনা আছিল 1942 চনৰ 20 আগষ্ট ৷ স্থানঃ চতিয়া আৰক্ষী থানা ৷ প্ৰথমবাৰৰ বাবে উত্তোলন হৈছিল দেশৰ ত্ৰিৰংগা ৷

আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ' ৷ জানিব পৰা মতে সেই ভিডিঅ'টো ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিং দুৱাৰ আৰু নুনাই অঞ্চলৰ শুক্লাই নদীৰ পাৰৰ ৷ ভিডিঅ'টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত ৷ কিয়নো ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল নিজ সন্তানৰ প্ৰতি থকা মাতৃৰ মমতা ৷

কৰ'ণা যুদ্ধত জয়ী হৈ ঘৰলৈ উভতিল ঐশ্বৰ্য-আৰাধ্যা

কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ ফলত অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ লগতে ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনো ভৰ্ত্তি হৈ আছিল মুম্বাইৰ নানাৱতী হাস্পতালত ৷ সোমবাৰৰ দিনটোত মাতৃ আৰু জীয়ৰী দুয়োগৰাকী সুস্থ হৈ অব্যাহতি লৈছে হাস্পতালৰ পৰা ৷

মৰিগাঁৱত বিলাতী সুৰাসহ আটক এজন

মৰিগাঁও জিলাৰ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত সোমবাৰে মৈৰাবাৰী আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । উক্ত অভিযানত মৈৰাবাৰী এফ আৰ ইউৰ সন্মুখত দীৰ্ঘ দিনে অবৈধভাৱে কফ চিৰাপৰ ৰমৰমীয়া বেহা চলাই থকা ফিৰুজ আহমেদৰ ঘৰত তালাচী চলাই ৬৪ টা কফ চিৰাপ জব্দ কৰে । ইফালে আৰক্ষীৰ তালাচীৰ কথা উমান পাই ফিৰুজ আহমেদে পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে ।

অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ঐতিহাসিক ৰংঘৰৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অন্তিম পৰ্যায়ত স্বেচ্ছাসেৱকৰ দেহত প্ৰয়োগ কৰা হ’ব কৰ’ণাৰ প্ৰতিষেধক

বিশ্বৰ সৰ্ববৃহৎ মহামাৰী হিচাপে পৰিচিত Covid 19 ৰ প্ৰতিষেধক সম্পৰ্কে আজিও পৰীক্ষণ অব্যাহত আছে ৷ য’ত প্ৰথমবাৰৰ বাবে 30,000 স্বেচ্ছাসেৱকে আমেৰিকা চৰকাৰৰ দ্বাৰা তৈয়াৰী প্ৰতিষেধকৰ নমুনা পৰীক্ষাত সহায় কৰিছে ৷ প্ৰতিষেধকবিধ মুকলিৰ পূৰ্বে এয়া শেষ পৰীক্ষা হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে ৷ কিন্তু এইপৰ্যন্ত নেশ্যনেল ইনষ্টিটিউটচ অফ হেল্থ এণ্ড মাডৰ্নে-ৰ দ্বাৰা মুকলি হ’বলগীয়া প্ৰতিষেধকবিধ সম্পূৰ্ণ সুৰক্ষিত হ’ব নে নাই সেয়া স্পষ্ট হোৱা নাই ৷

কৰ’ণা মহামাৰী: পুনৰ ৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ

গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত 435 গৰাকী কয়দীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ কাৰাগাৰ মহা পৰিদৰ্শকৰ সূত্ৰই সদৰী কৰা অনুসৰি,কোকৰাঝাৰ কাৰাগাৰত দুগৰাকী,তিনিচুকীয়া কাৰাগাৰত এগৰাকী,ডিফু কাৰাগাৰত দুগৰাকী,শিলচৰ কাৰাগাৰত এগৰাকী,মঙলদৈ কাৰাগাৰত তিনি গৰাকী,গোলাঘাট কাৰাগাৰত 117 গৰাকী, নগাঁও কাৰাগাৰত ৬৩ গৰাকী,তেজপুৰ কাৰাগাৰত দুগৰাকী,ওদালগুৰি কাৰাগাৰত চাৰি গৰাকী আৰু যোৰহাট কাৰাগাৰত ছগৰাকী কাৰাবন্দীৰ শৰীৰত কোভিড ১৯ ৰ সংক্ৰমণ ঘটিছে ।

বৰপেটাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ

বৰপেটাত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰৰ বিৰুদ্ধে বহু দিনৰ পৰাই দুৰ্নীতিৰ অভিযোগ উখাপন হৈছিল ৷ দুখীয়া ৰাইজৰ বিনামূলীয়া চাউল,দাইল,আটাৰ লগতে ৰেচন কাৰ্ড খেলিমেলি কৰাৰো গুৰুতৰ অভিযোগ উখাপন হৈ আহিছিল । কিন্তু বিভিন্ন সময়ত সম্পাদক গৰাকীৰ বিৰুদ্ধে অভিযোগ উখাপন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপঃ নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

নাৰায়ণপুৰ থানাত উত্তপ্ত পৰিস্থিতি ৷ পোন্ধৰ দিন পূৰ্বে নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শংকৰপুৰ গাঁৱত এগৰাকী বিধৱা মাতৃৰ একমাত্ৰ কন্যাক একে গাঁৱৰে বিনয় বৰা নামৰ এজন যুৱকে ধৰ্ষণ কৰি চিপ দিয়াৰ অভিযোগ গাঁওবাসীৰ ৷ যুৱকজনক ফাঁচিৰ দাবীত সোমবাৰে শতাধিক পুৰুষ মহিলাৰ প্ৰতিবাদ নাৰায়ণপুৰ থানাৰ সন্মুখত ৷ হত্যাকাৰীৰ ফাঁচিৰ দাবীৰে সৰৱ হৈ উঠিছে প্ৰতিবাদী জনসাধাৰণ ৷

লগতে পঢ়ক : 5 বজাৰ গুৰুত্বপূৰ্ণ দহটা খবৰ

ABOUT THE AUTHOR

...view details