লখিমপুৰ জিলাত অসমৰ ভূমি বেদখল অৰুণাচলৰ
চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশে অসমৰ ভূমি দখল কৰাৰ অভিযোগ উখাপন হৈছে ৷ লখিমপুৰ জিলাৰ নাওবৈচা সীমান্তৱৰ্তী ৰামপুৰ-ৰাজগড়ত অসমৰ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ বাবে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনে অঞ্চলটোত সুদীৰ্ঘ-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ৰামপুৰ খণ্ড বন কাৰ্য্যালয়ৰ অধীনষ্ঠ ৰামপুৰ-ৰাজগড়ত অৰুণাচল প্ৰদেশ চৰকাৰে পথ আৰু বিভিন্ন আঁচনি ৰূপায়ণেৰে অসমৰ নতুন-নতুন অঞ্চল অৰুণাচলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰো অভিযোগ উখাপন হৈছে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে ৷
বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূল : ৰূপম গোস্বামী
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। ৰিপুন বৰাই নাজানে,ৰিপুন বৰাক কোনোবাই ভুল তথ্য দিছে অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন হেৰুৱাৰ শংকাত ভুল বকিছে ৰিপুন বৰাই,মন্তব্য ৰূপম গোস্বামীৰ ৷
মৰিগাঁৱত গা-ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
মৰিগাঁও জিলাত পানীত পৰি সপ্তম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ৷ সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ মৃত্যু হৈছে ছাত্ৰজনৰ ৷ মৈৰাবাৰীৰ এম ই মাদ্ৰাছাত অধ্যয়নৰত 13 বছৰীয়া শ্বাজিব আহমেদ নামৰ ছাত্ৰজনে ৰাতিপুৱা সমনীয়াৰ সৈতে খালকাটা বিলৰ ওচৰৰ এটা পুখুৰীত গা-ধুবলৈ গৈছিল ৷ সেই সময়তে পুখুৰীটোৰ দ-খাৱৈত পৰি ছাত্ৰজনৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷
57 টা দিনে যন্ত্ৰণাদায়ক দিন অতিবাহিত কৰিছে বাঘজানবাসীয়ে
57 টা দিন অতিক্ৰম বাঘজান কাণ্ডৰ ৷ বিগত 9 জুনত ভয়ংকৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল 27 মে'ৰ পৰা অহৰত গেছ নিৰ্গত হৈ থকা বাঘজানৰ বি.জি.আৰ-৫নং তৈলখাদত ৷ যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তৈলখাদটোৰ নিকটৱৰ্তী লোকসকল ৷ সেই অগ্নিকাণ্ডত মৃত্যুক সাৱটি লৈছিল দুগৰাকীকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৷ গৃহহাৰা হৈ পৰিছিল বহু লোক ৷ যাৰ বাবে প্ৰাণৰ সংকটত তেওঁলোকে আহি থিতাপি ল'বলগীয়া হৈছিল আশ্ৰয় শিবিৰত ৷
নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি
জোনাইৰ মিছামৰা, কাৰিচুকত অঞ্চলত চেৰেন নদীৰ বিভীষিকা ৷ পানীৰ মাজত সেউজীয়া ধাননি পথাৰখন বিচাৰি হাবাথুৰি দৰিদ্ৰ কৃষকৰ ৷ নদী যেন লগা এই ঠাইখনত আচলতে নাছিল কোনো নদী,বৰঞ্চ আছিল শ-শ বিঘা কৃষি পথাৰ ৷ কিন্তু হঠাৎ শতাধিক খেতিয়কৰ বিশাল খেতি পথাৰৰ পৰিণত হ’ল এখন বিশাল নদী লৈ । কপালৰ ঘাম বোৱাই ৰোৱা সেউজীয়া ধাননি পথাৰখন বিচাৰি পোৱাটো বাদেই,এতিয়া পথাৰৰ সীমাও যেন বিচাৰি ওলিয়াবলৈ অপাৰগ কৃষক ৰাইজ ৷