অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news

By

Published : Jul 4, 2020, 7:02 PM IST

বিধায়কৰ ঘৰ সোমাল ক'ভিড-19 : নিজকে কিদৰে সুৰক্ষিত কৰিছে জনপ্ৰতিনিধিয়ে !

দিছপুৰত কোভিড-19 ৷ দুজনকৈ বিধায়ক আৰু তেওঁলোকৰ লগত জড়িত কেইবাগৰাকীও লোকৰ স্বাৱ পৰীক্ষাত ধৰা পৰিছে কোভিড-19 ৷ যাৰ বাবে চেনিটাইজ কৰা হৈছে সমগ্ৰ বিধানসভা চৌহদৰ লগতে বিধায়ক আবাসসমূহ ৷

চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ

চীন ভাৰতৰ মাজত উদ্ভৱ হোৱা যুদ্ধকালীন পৰিস্থিতিৰ মাজতে সামৰিকভাৱে ভাৰতৰ পক্ষত ঠিয় দিছে এছিয়াৰ ৰঙা সূৰ্য তথা সূৰ্যোদয়ৰ দেশ জাপানে ৷ ভাৰত-জাপানৰ সামৰিক সম্পৰ্কত জ্যেষ্ঠ সাংবাদিক অৰুণিম ভূঞাৰ এক প্ৰতিবেদন ৷

নগাঁৱত কিয় প্ৰহৃত হ'ল খাকী পোচাকধৰী !

নগাঁৱত এজন আৰক্ষী জোৱানৰ বিলৈ। ৰাইজৰ ৰোষত আৰক্ষীৰ এজন কনিষ্টবল। গণপ্ৰহাৰৰ সন্মুখীন হব লগা হ'ল আৰক্ষীৰ কনিষ্টবলজন । ঘটণাস্থলীত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। আমাৰ কেমেৰাত বন্দী হ'ল ঘটণাৰ সমগ্ৰ দৃশ্য। কিন্তু কিয় এনে এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব লগা হল আৰক্ষীৰ এই জোৱানজন। আমাৰ এক exclusive প্ৰতিবেদন ।

জম্মু কাশ্মীৰৰ ৰাজাউৰিত উৎখাত সন্ত্ৰাসবাদী শিবিৰ

ৰাষ্ট্ৰীয় ৰাইফলচ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এটা সন্মিলিত অভিযানকাৰী দলে ৰাজাউৰিত অভিযান চলাই উৎখাত কৰিলে এটা সন্ত্ৰাসবাদী শিবিৰ । অভিযানকাৰী দলটোৱে উৎখাত কৰা শিবিৰৰ পৰা উদ্ধাৰ কৰিলে বহুসংখ্যক অস্ত্ৰ শস্ত্ৰৰ লগতে বুজন পৰিমানৰ গুলী বাৰুদ । লগতে দুটাকৈ চীনত নিৰ্মিত পিষ্টল, দুটা মেগজিন, ১১টা ৰাইফল গ্ৰেনেডেৰে এটা আণ্ডাৰ বেৰেল গ্ৰেনেড লাঞ্চাৰ, এ কে এচাল্ট ৰাইফলৰ ৯২০ৰাউণ্ড গুলিৰে ১৪টা কৈ মেগজিন আৰু এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড পোৱা গ'ল শিবিৰটোত ।

৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ জমা দিয়াৰ সময়সীমা

কৰদাতাসকলৰ বাবে এটা ভাল খবৰ। বিত্তীয় বৰ্ষ ২০১৯-২০ৰ আয়কৰ জমা দিয়াৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে । তাৰোপৰি আধাৰ নম্বৰৰ লগত পেন নম্বৰ লিংক কৰাৰ অন্তিম সময়সীমাও বৃদ্ধি কৰি ২০২১ চনৰ ৩১ মাৰ্চলৈ বঢ়াই দিয়া হৈছে ।

গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

পানীত ডুব যোৱাৰ ফলত শিৱসাগৰৰ বানমুখ চেতিয়া গাঁৱৰ এগৰাকী যুৱকে মৃত্যুক সাৱটি লয় । জানিব পৰা মতে, যুৱকজনে গা ধুৱলৈ ওচৰৰে এটা পুখুৰিলৈ গৈছিল । বাঢ়নী পানীয়ে বুৰাই ৰখা পুখুৰীটোৰ পানীৰ উমান নাপাই ডুব যায়, মুকুল চেতিয়া নামৰ 20 বছৰীয়া যুৱকজন ।

চি.বি.আই তদন্তৰ দাবী সুশান্তৰ পিতৃৰ

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাৰ চি.বি.আই তদন্তৰ দাবী কৰিছে সুশান্তৰ পিতৃয়ে ৷ সুশান্তৰ অনুৰাগী আৰু বহু বলীউড তাৰকাৰ পিছত সুশান্তৰ পিতৃ কে.কে সিঙে নিজৰ পুত্ৰৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে ৷ সম্প্ৰতি তেওঁ টুইট যোগে চি.বি.আই তদন্ত দাবী কৰিছে ৷

নৈত সন্ধানহীন যুৱকক বিচাৰি হাহাকাৰ ৰাইজৰ !

নগাঁও জিলাৰ বঢ়মপুৰৰ বৰকলা হাৰিয়া দলঙৰ সমীপত সংঘটিত হয় এটা অঘটন । হাৰিয়া নদীত গা ধুবলৈ গৈ বাঢ়নী পানীত উটি যোৱাৰ সন্দেহ এজন যুৱক ।

পূৰ্ণ গতিত আগবাঢ়িছে ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙৰ কাম

কলীয়া ভোমোৰা সেতুৰ সমান্তৰালকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নিৰ্মীয়মান দ্বিতীয় খন সেতুৰ প্ৰায় 60 শতাংশ কাম সম্পূৰ্ণ হৈছে । গেমন ইণ্ডিয়া লিমিটেড আৰু শিংলা নামৰ নিৰ্মাণ দুটা কোম্পানীৰ দায়িত্বত আছে দলং খনৰ নিৰ্মাণ কাৰ্য ।

ক্ষিণ আফ্ৰিকাৰ বোস্তৱানাত ২৭৫ টা হাতীৰ মৃত্যু

দক্ষিণ আফ্ৰিকাৰ ৱাকভাংগো ডেল্টা অঞ্চলত ২৭৫ টা হাতীৰ মৃতদেহ লাভ কৰা খবৰে শংকিত কৰিছে প্ৰকৃতি প্ৰেমীক । ৱাকভাংগো ডেল্টা অঞ্চলত কি কাৰণত এই বৃহৎ সংখ্যক হাতীৰ অকাল মৃত্যু হৈছে সেই সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে বন্য প্ৰাণী আৰু ৰাষ্ট্ৰীয় পাৰ্ক কতৃপক্ষই ।

ABOUT THE AUTHOR

...view details